বিয়াৰ পিছত অণুৰ এইটো প্ৰথম ৰঙালী বিহু। হাতত পিছি থোৱা জেতুকা খিনিলৈ চাই মনটো হেমেকি পৰিল। তাইৰ সৰুৰে পৰা গৰু বিহুৰ দিনাখন ৰাতি মাকে হাতত জেতুকা বান্ধি দিয়ে ; কিন্তু আজি ?
তাই মন মাৰি থকা দেখি শাহুয়েক নিৰলাই মাত লগালে " বোৱাৰী জেতুকাখিনি পিছা হ'ল যদি দিয়া মই তোমাৰ হাতত বান্ধি দিও"। মাতৃ সুলভ শাহুয়েকৰ মৰম দেখি তাইৰ মুখখন জেতুকাৰ ৰঙৰ দৰে উজ্বলি উঠিল !
✍️অঞ্জনা শইকীয়া
টীয়ক