আত্ম-পৰিচয় | বন্তী দত্ত

©Admin
0
দীপ্তি নহয়নে ?
 কোনো পুৰুষৰ চিনাকি অচিনাকী যেন লগা মাতটো শুনি ভাবিলো যে এই নতুন অফিচত আকৌ ঘপহকৈ কোন মোৰ চিনাকি ওলাল ! তাকেই ভাবি পিছলৈ ঘূৰি চাওঁতে মোৰ সম্পূৰ্ণ মুখখন দেখি নিৰ্দিষ্ট ব্যক্তিজনে আকৌ কৈ উঠিল , 
    তুমি ইয়াত কেনেকৈ ? ভালে আছা নে ?
ঈষৎ হাঁহি এটি দুই ওঁঠত বুলাই লৈ নম্ৰতাৰে প্ৰত্যুত্তৰ দিলো ,
    উম্ ! ভালে আছোঁ মই , আপোনাৰ চাগে ভালেই ?
    ভালেই অ' মোৰো ! কিন্তু নকলা যে তুমি ইয়াত কেনেকৈ ? কিবা বিশেষ কামত আহিছা নে কি গুৱাহাটী ?
   আচলতে ইচ্ছা কৰিয়ে তেওঁ সোধা এইটো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা মই বিৰত আছিলোঁ। তেনেতে এগৰাকী কৰ্মচাৰী আহি ক'লেহি যে আজিৰ বিশেষ মিটিং খনৰ বাবে অফিচৰ স্বত্বাধিকাৰী জনে সকলোকে কনফাৰেন্স হলত লগ হ'বলৈ কৈছে। তেওঁ কৌতূহলী হৈ পিছত লগ পাম দিয়া বুলি কৈ লৰালৰিকৈ গুচি গ'ল। তেওঁ যোৱাৰ ফালে চাই আজিৰ পৰা ৭ বছৰৰ আগৰ সময়লৈ মনত পৰি গ'ল।
                  আজিৰ পৰা ৭ বছৰৰ আগত যোৰহাটৰ বিখ্যাত ব্যৱসায়ী অনুপ শৰ্মাৰ লগত মই (দীপ্তি বৰুৱা) বিবাহপাশত আবদ্ধ হৈছিলো।আমাৰ বিয়াখন প্ৰেম বিবাহ নাছিল,ঘৰৰ পৰা সকলোবোৰ ঠিক কৰি দিয়াৰ বাবেই দুয়ো দুয়োকে ভালকৈ জনাৰ সুযোগকণো নাপালোঁ। প্ৰথমাৱস্থাত সকলোবোৰ ঠিকে থাকে আছিলে যদিও তাৰ পিছত লাহে লাহে সকলোবোৰ জটিল যেন লাগিবলৈ ধৰিলে। এই জটিল সময়বোৰ তেতিয়াৰ পৰা আৰম্ভ হৈছিলে যেতিয়া পৰা মই নিজকে গৃহিণী হিচাপে পৰিচয় দিয়াৰ উপৰিও অন্য পৰিচয়ৰ বাঞ্ছা কৰিছিলোঁ। উচ্চ শিক্ষাৰে শিক্ষিত হৈ থকাৰ পিছত মই নিজৰ পৰিচয় মাত্ৰ গৃহিণী ৰূপতেই সীমাবদ্ধ ৰাখিবলৈ খোজা নাছিলো সেইবাবেই নিজেই চাকৰি কৰাৰ কথা ভাবি কোনো এক অপৰাহ্নত স্বামী অনুপক কৈছিলো , 
   - শুনিছা , মই ভাবিছো যে ডিগ্ৰী থকাৰ পিছতো এনেকৈ ঘৰত বহি থকাতকৈ মই কিবা চাকৰি এটাকে কৰো । তুমি অফিচলৈ ওলাই যোৱাৰ পাছত অকলে থাকিও বহুত আমনি লাগে , কিবা কামৰ মাজত ব্যস্ত হৈ থাকিলে কি ঠিক কিজানি মনটো ভাল লাগেই !
কিন্তু সেইদিনা অনুপৰ উত্তৰ শুনি মোৰ সকলো আকাংক্ষা মনতেই ৰৈ গৈছিল । তেওঁ কৈছিল ,
      - কিয় ? কিবা অসুবিধা পাইছা নেকি ? কিতাপ পঢ়া , আত্মীয়-স্বজনৰ ঘৰত ফুৰিবলৈ যোৱা । ভালটো তেনেকৈও লাগিব ন মনটো ?
       - কিন্তু অনুপ , মোৰো মন যায় নিজেই কিবা এটা কৰাৰ আৰু মই বুজিব পৰা নাই তাত ক'ত আৰু কিয় আপত্তি আছে তোমাৰ ?
       কোনো দৰকাৰ নাই এইবিলাক কৰাৰ আৰু এইবাৰেই শেষ । দ্বিতীয়বাৰলৈ আৰু এইবোৰ কথাৰ অৱতাৰণা নহয় যাতে মনত ৰাখিবা ।
      তুমি কিয় জেদ ধৰি আছা মোক চাকৰি কৰিবলৈ নিদিয়াক লৈ অনুপ ?
      জেদ মই নহয় তুমি হে ধৰি আছা ! সকলো সুবিধা দিছোঁ , এনেকৈ ও তুমি অশান্তি পাইছা নে ?
      অনুপ , অশান্তি পোৱাৰ কথা নহয় ! তুমি মাত্ৰ মোৰ কথাটো এবাৰ ভাবিটো চোৱা !
      ভাবিলোৱে যেনিবা কিন্তু তুমি কৰিবা কি ? 
      একো কৰিব নোৱাৰিলেও ব্যৱসায় কৰিব নোৱাৰিম নে ? তুমি লগত থাকিলে নিশ্চয় পাৰিম জানা !
      হেহে হেহে ! ব্যৱসায় ? আৰু তুমি ? পাকঘৰৰ ৰান্ধনী হোৱাটোৱেই তোমাৰ বাবে আটাইতকৈ ভাল চাকৰি বুজিছা ? অনৰ্থক কথাত দ্বিতীয় বাৰ লাগি মোৰ সময় নষ্ট নকৰিবা ।
      তেওঁৰ কথাবোৰ শুনি একো নক'লো যদিও ভাবিলো যে যি নহ'লেও তেওঁ মোক উৎসাহ যোগাব লাগিছিলে যে মই কিবা এটা নতুন কৰিবলৈ বিচাৰিছোঁ । প্ৰতিযোগিতাত হৰা-জিকা পিছৰ কথা তেওঁটো মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱেই বিচৰা নাছিল। তেওঁৰ কথাত মই অন্তৰত খুব আঘাত পাইছিলো কিন্তু প্ৰকাশ কৰি দেখুওৱা নাছিলোঁ কোনোদিনে । প্ৰায়েই মোক old version ৰ বুলি কৈ‌ ইতিকিং কৰিছিল আৰু মই মাথোঁ সকলোবোৰ চুপ-চাপ শুনি গৈছিলো । এনেকুৱা কিয় হয় যে ঘৰৰ দায়িত্ব , কৰ্তব্য বোৰ কেৱল মাত্ৰ নাৰীৰ ওপৰতে জাপি দিয়া হয় । আচলতে হিংসা মানে কেৱল মাৰ পিট কৰা , কাৰোবাৰ গাত হাত উঠোৱাটোকেই নুবুজায় । হিংসা মানে কাৰোবাৰ উৎসাহ ভাঙি দিয়া,কাৰোবাৰ স্বাভিমানক মোহাৰি পেলাবলৈ কৰা অপচেষ্টা,কোনোবা আগবাঢ়ি যোৱাত বাধা দিয়া, ঠাট্টা-মষ্কৰা কৰা,সদায় অপমান কৰি তিল তিলকৈ জীয়াবলৈ বাধ্য কৰোৱা এইবাৰো হিংসাই হয় । মোৰ শৰীৰত তেওঁ কৰা আঘাতৰ চিন নাথাকিব পাৰে কিন্তু তেওঁৰ মুখৰ শব্দই মোক তাতকৈও বেছিকৈ কষ্ট দিলে , আঘাত কৰিলে। তথাপি তেওঁৰ ভালপোৱা বোৰ পাবলৈ জেদেৰে নহয় ধৈৰ্যৰে বাট চাব লাগিব বুলি ভাবিয়েই সময় সলনি হোৱালৈ অপেক্ষা কৰিলোঁ।
             এনেকৈ এদিন বন্ধ বাৰত অনুপ আৰু মই ঘৰত থাকোঁতেই অনুপৰ গেষ্ট্ৰিক হৈ পেটৰ বিষত থাকিব নোৱাৰা অৱস্থা হৈছিল। কি কৰো , কি নকৰো ভাবি আমাৰ ঘৰৰ কাষৰ ভাড়াঘৰত থকা নাৰ্চ গৰাকীকে মাতিলো। তেওঁ আহি অনুপক দৰৱ পাতি দি থৈ গ'ল। সময় আগবাঢ়ি যোৱাৰ লগে লগে নাৰ্চ গৰাকীৰ লগত আমাৰ দুয়োৰে ভাল বন্ধুত্ব গঢ়ি উঠিল। তাৰ পাছতেই দুদিনমানৰ বাবে মই মাৰ ঘৰলৈ গৈছিলো । এদিন মানুহজনক চাৰপ্রাইজ দিও বুলি ভাবি তেওঁক কোৱা সময়তকৈ সোনকালেই মাৰ ঘৰৰ পৰা ফুৰি আহি দুয়োকে আমাৰ শুৱনি কোঠাৰ বিচনাত এক অসংযত অৱস্থাত পাইছিলো। নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ যে মোক মোৰ স্বামীয়ে ইমান ডাঙৰ বিশ্বাসঘাটকতা কৰিব বুলি । হিতাহিত জ্ঞান হেৰুৱাই নিজকে এটা কোঠাত বন্ধ কৰি সেইদিনা খুব কান্দিলোঁ,গোটেই ৰাতি খোৱা-বোৱা এৰি থৈ কান্দিলোঁ। পিছদিনা ৰাতিপুৱাই চিনাকী উকীল বন্ধু এজনৰ ওচৰলৈ গৈ সকলোবোৰ কথা বিৱৰি কৈছিলো আৰু তাৰ ঠিক তিনিদিন মানৰ পিছতেই অনুপলৈ বুলি দিভৰ্ছৰ নটিছ পঠাইছিলোঁ‌। অনুপে মোক বহুত বুজাইছিল , বাৰে বাৰে ক্ষমা খুজিছিল যদিও মই ক্ষমা কৰা নাছিলোঁ তেওঁক। মন গৈছিল তেওঁক বহুত বেছিকৈ ঘৃণা কৰিবলৈ তাৰ পিছত ভাবিলো তেওঁটো মোৰ ঘৃণাৰো যোগ্য নহয় । আমাৰ দিভোৰ্ছৰ প্ৰক্ৰিয়াটো ইমান বেছি দীঘলীয়া নাছিল আমাৰ ক্ষেত্ৰত সেয়েহে বহুদিনলৈ ৰ'ব লগা হোৱাও নাছিল আৰু সেই তেতিয়াই আমাৰ দিভৰ্চ হৈছিল ।
তাৰপিছত বহুত বছৰৰ পিছত আজি এয়া গুৱাহাটীত তেওঁৰ সৈতে দেখা সাক্ষাৎ ! 
- অই , বলা আকৌ !
      মধুৰ মাততহে মনত পৰিল যে কনফাৰেন্স হলৰ মিটিঙলৈ যাব লাগে বুলি । এখোজ দুখুজকৈ সেইফালে বাট ল'লো। কনফাৰেন্স হলৰ মিটিঙত মোক দেখি অনুপ শৰ্মাৰ মুখৰ মাত হেৰাই মেলা মুখ মেলাতেই থাকিলে। লক্ষ্য কৰিছিলোঁ মিতিঙত তেওঁৰ চকু কেৱল মোৰ ওপৰতেই আছিল। তেওঁৰ প্ৰতি কাণ নিদি মই নিজৰ প্ৰেজেন্টেশ্যন দিয়াত ব্যস্ত আছিলোঁ। মোৰ প্ৰেজেন্টেশ্যনত সন্তুষ্ট হৈ স্বতাধিকাৰী জনেও হাত চাপৰি বজাই উৎসাহ দিলে। মনটো খুব ভাল লাগিল। ৭ বছৰৰ আগৰ সেই মই আৰু এতিয়াৰ মইৰ মাজত আকাশ-পাতাল প্ৰভেদ ! আজিৰ মই জনীয়ে নিজৰ অধিকাৰৰ বাবে মাত মাতিব পৰা হলোঁ , নিজৰ বাবে থিয় দিব পৰা হ'লো। মিতিং শেষ হোৱাৰ পিছত ওলাই আহোঁতেই আকৌ সেই চিনাকি মাতটো শুনি নোৰোৱাকৈ থাকিব নোৱাৰিলোঁ । কিন্তু এইবাৰ নিজেই ক'লো ,
       - সুধিছিলা নহয় মই গুৱাহাটীত কেনেকৈ ! আচলতে এই ব্যৱসায়ৰ কাৰণতেই ইফালে সিফালে ঘূৰিব লগা হয়। নিশ্চয় তোমাৰ অথনিৰ প্ৰশ্নৰ উত্তৰ পালা বুলি মই ভাবো। তুমি কৈছিলা নহয় মই একো কৰিব নোৱাৰিম , চোৱা বৰ্তমান মই অন্ততঃ আত্মপৰিচয়েৰে জীয়াই আছোঁ। মোক আৰু আমনি কৰিবলৈ পিছে পিছে নাহিবা।বাই !
       একে উশাহতে সকলোবোৰ কথা কৈ এবাৰো পিছলৈ ঘূৰি নোচোৱাকৈ কোবা-কুবিকৈ ওলাই আহিলো আৰু ঘৰলৈ বুলি গাড়ীত উঠিলো । 
       
✍️বন্তী দত্ত
কমাৰগাঁও মহাবিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)