প্ৰদাহ~অণুগল্প-সুশান্ত দাস

©Admin
0
অতীতৰ কথাবোৰ স্মৰণ কৰি কান্দোনত ভাগি পৰিল মানসী। প্ৰতাৰণাৰ বলি হোৱা মানসীৰ প্ৰতাৰকে কৰা কাৰ্য্যৰ বিৱৰণী মনত পেলাই সেমেকি পৰিল দুচকু; দুধাৰে বৈ আহিল চকু পানী! স্বামীৰ পংগুত্বৰ সুবিধা লোৱা প্ৰতাৰক ৰমেশৰ প্ৰতিচ্ছবি মনলৈ অহা আৰু সেই প্ৰতাৰণাৰ কথাবোৰে তাইৰ মন দহিছে। মাথোঁ টকাৰ বাবে কৰা কাৰ্য্যৰ বাবে তাই দুঃখিত; কিয়নো সি ভদ্ৰতাৰে বিচৰাহেঁতেন তাই দিবলৈ সংকোচবোধ নকৰিলেহেঁতেন। সি এতিয়া আইনৰ কবলত যদিও সেই কথাবোৰৰ ৰোমন্থনে মানসীৰ মনত জন্ম দিছে অতীতৰ প্ৰদাহ!

সুশান্ত দাস 
    শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)