ফাগুন-অঞ্জনা শইকীয়া

আৱিৰৰ ৰঙত মতলীয়া ফাগুণ তুমি !
ধূলিৰে ধূসৰিত এই ধৰণীত হেঁপাহৰ বৃষ্টি 
তুমি !
প্ৰাণ চঞ্চলা প্ৰকৃতিয়ে তোমাৰ পৰশতেটো 
শিমলু পলাশ হৈ ৰঙীন কৰি তোলে এই ধৰণী;
ব্যথা ভৰা হৃদয়ত আৱিৰ হৈ আহি 
তুমিয়েতো মনবোৰ ৰঙীন কৰি তোলাহি!!

✍️অঞ্জনা শইকীয়া
     টীয়ক

Post a Comment

Previous Post Next Post