জেতুকাৰ বিষয়ে জানো আহক

Rinku Rajowar
0
পাত বটি ছালত বান্ধি থ'লে ৰঙা বৰণ ধৰা সৰু সৰু পাতৰ এবিধ গছ । জেতুকা শব্দৰ দুটা অৰ্থ আছে । এক হৈছে জেতুকা গছ এবিধ জোপোহা গছ, অন্যটো জেতুকা ৰং । এই গছৰ পাত খুন্দি হাতৰ তলুৱাত লগালে, কমলা-ৰঙা ৰঙৰ বোল উঠে । ৰঙালী বিহুত জেতুকা অসমীয়া জীয়ৰী-বোৱাৰীৰ এক উল্লেখযোগ্য অংগৰাগ । গৰু বিহুৰ দিনাই গধূলি হাতত জেতুকা লোৱাটো অসমৰ জীয়ৰী-বোৱাৰীৰ এক অপৰিহার্য আৰু ফূর্তিৰ প্ৰথা । জেতুকা পাত, পাণ, থেকেৰা আদিৰ সৈতে পটাত খুন্দি ৰং উলিয়াই দুহাতৰ তলুৱাত ঘঁহা হয় । জেতুকা পাতবোৰ ডাঙৰ হাতীখুজীয়া বাটি এটাত তিয়াই, খচি খচি ধুই পটাত পিহি ৰং উলিওৱা হয় । জেতুকাৰ ৰং বেছি ঘন হ'বলৈ আৰু দিন যাবলৈ লগত পাণ আৰু কেহেৰাজৰ পাত মিহলাই মিহিকৈ পিহি হাতৰ তলুৱাত প্ৰলেপ দি, কলপাত জুইত সেকি লেৰেলাই হাতত বান্ধি লোৱা হয় । জেতুকাই ছালৰ অসুখ আদি প্ৰতিৰোধ কৰে বুলি বিশ্বাস কৰাৰ লগতে এই ৰঙে হাতৰ লগতে জীয়ৰী, গাভৰুৰ মনো ৰঙিয়াল কৰি তোলে । আধুনিক কালত এই জেতুকাই 'মেহেন্দী' নামেৰে বিহুৰ উপৰি অন্যান্য সময়ত, বিশেষকৈ, বিয়াৰ সময়ত কইনাৰ হাতত শোভা বঢ়াবলৈ লৈছে । জেতুকাক ইংৰাজীত 'হেনা' বুলি কোৱা হয় ৷ হেনা শব্দটো মূলতঃ আৰৱী শব্দৰ পৰা আহিছে ৷ জেতুকাৰ বৈজ্ঞানিক নাম হৈছে Lawsonia inermis ৷

জেতুকা এবিধ সপুষ্পক উদ্ভিদ ৷ ই এজোপা গুল্মজাতীয় উদ্ভিদ ৷ এই উদ্ভিদজোপা দুইৰ পৰা ছয় মিটাৰ পৰ্যন্ত ওখ হয় ৷ বহু শাখা-প্ৰশাখাযুক্ত উদ্ভিদজোপাৰ পাতবোৰ ডালবোৰত বিপৰীতমুখী হৈ নামমাত্ৰ ঠাৰিৰে সংযুক্ত হৈ থাকে ৷ পাতবোৰ ১.৫ ছেঃমিঃৰ পৰা ৫ ছেঃমিঃলৈকে দীঘল আৰু ০.২ ছেঃমিৰ পৰা ২ ছেঃমিঃলৈকে বহল হয় ৷ পাতত থকা শিৰাসমূহ যথেষ্ট সবল ৷ জেতুকা ফুলৰ পাহিবোৰ বগা বা ৰঙা ৰঙৰ হয় ৷ চুপহিটো ছুঙাকৃতিৰ হয়, চাৰিটা বেটুপাত থাকে ৷ গুটিবোৰ মুগা ৰঙৰ, চাৰিৰ পৰা পাঁচ মিঃ মিঃ ব্যাসাৰ্ধৰ ৷ প্ৰতিটোতে ৩২-৪৯ টাকৈ বীজ থাকে ৷

জেতুকা গছ দক্ষিণ এছিয়া, উত্তৰ অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ৩৫ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ পৰা ৪৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উঞ্চতাৰ অঞ্চলত হোৱা জেতুকা গছৰ ৰঙৰ মাত্ৰা বেছি থাকে ৷ বহুত দিন শুকান পৰিৱেশত থাকিলে গছৰ পাতবোৰ হালধীয়া হৈ সৰি যায় ৷ ৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উঞ্চতাত থকা গছবোৰ মৰি যায় ৷ আলজেৰিয়া, য়েমেন, লিবিয়া, চৌডি আৰৱ, ইজিপ্ত, ভাৰত, ইৰাক, ইৰান, পাকিস্থান, বাংলাদেশ, আফগানিস্থান, তুৰ্কী, ছমালিয়া, ছুডান আদি দেশত ইয়াৰ খেতি কৰা হয় ৷ বৰ্তমানৰ ৰাজস্থানৰ পালি জিলাত অধিক মাত্ৰাত জেতুকাৰ খেতি কৰা অঞ্চল হিচাপে চিহ্নিত হৈছে ৷

ঔষধীয় গুণ :
জেতুকা পাতৰ কেইবাবিধো ঔষধি গুণ আছে বুলি কোৱা হয় । নখচুকীয়া, নাকৰ এৱাঁ ভঙা আদিত উপাচাৰস্বৰূপে জেতুকাৰ ব্যৱহাৰ হয় । ইয়াক উচ্চৰক্তচাপ, চাল আৰু চুলিৰ বিভিন্ন বিকাৰৰ বাবেও দৰব হিচাবে ব্যৱহাৰ কৰা হয় ।

[উৎসঃ অসম অভিধান আৰু অসমীয়া ৱিকিপিডিয়া ।]

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)