কঠিন শিলৰ টুকুৰা যেন লাগে।
অনুভৱ হয় সময়বোৰও
যেন কঠিন।
জীয়াই থাকিবলৈ
এটি হাঁহি লাগে;
প্ৰতিযোগিতা নহয়।
ভয় লাগে শব্দবোৰ প্ৰকাশ কৰিবলৈ;
কিজানিবা হেৰুৱাব লগা হয়,
ভাল লগা সময়বোৰ!!
চকুপানীৰ টোপালটিয়েও
উচুপিব ভয় কৰে;
কিজানিবা হাঁহিবোৰ হেৰাই যায়...!