বসন্ত - পাপু শইকীয়া

হালধীয়া বৰণ সলাই
প্ৰকৃতিয়ে ন-ৰূপ সজাই,
বসন্তৰ পৰশে ৰং বিলাই,
গছে- বনে সৌন্দৰ্য্যৰ পাৰাপাৰ নাই।

কপৌপাহিৰ কোঁহে কোঁহে
ভৰি আছে নাচনীৰ হেপাঁহেৰে।
বিহুৱানৰ দীঘে - পথালিয়ে
ভৰি আছে মৰম আশাৰে।

বসন্তক আদৰিবলৈ এমাহৰ আখৰা,
তাতে সানি দিলে বিহুৰ বতৰা।
কেতেকীফুল পাহি
বছেৰেকৰ মুৰত ওলালহি, 
তগৰৰ লগত সুগন্ধিৰ প্ৰতিযোগিতা পাতি।

ঢোলে তালে ৰজনজনাই
পক্ষীৰ কলৰৱত ৰাতিপুৱাই।
আনন্দৰ যেন সীমা নাই,
চৌদিশে বসন্তই সুবাস বিলাই।

বৰষুণৰ টোপালৰ লহৰে- লহৰে, 
ন-সৃষ্টিৰ যঁতৰ অবিৰাম ঘূৰে। 
কৃষ্টিৰ পথাৰত সৃষ্টিৰ কামনাৰে 
সংস্কৃতিয়ে ৰহন সানি বহিলে।

   ◾পাপু শইকীয়া
     চিনাতলী (গোলাঘাট)

Post a Comment

Previous Post Next Post