ধাৰাবাহিক উপন্যাস আৰ্তনাদ খণ্ড ০৮-বিটুমনি কোঁছ

Aditi Tanti
0
এখন নতুন চিকচিকিয়া ব্লেড হাতত লৈ উলঙ্গ দেহৰ মোৰ স্বামীয়ে মোৰ ১২ বছৰীয়া ছোৱালী জনীক হাতত ধৰি ব্লেডখন দেখুৱাই তাই দেহৰ কাপোৰ খুলিবলৈ আদেশ দিছে।থক-থককৈ কঁপি কান্দি থকা মোৰ ছোৱালী জনী মোৰ চকুত এটোপাল নিয়ৰকণা বুকুত লৈ বতাহত কঁপি থকা এখিলা কচুপাত হৈ আৰু মোৰ স্বামী এটা প্ৰকাণ্ড ফেটি সাপ হৈ ধৰা দিলে।

মই ৰৈ থকা ঠাইৰ পৰা বিষাক্ত ফেটি সাপটোৰ কবলৰ পৰা কঁপি থকা কচুপাত খিলা বচাবলৈ সন্তপৰ্নে বিচনাত ঠিয় হৈ থকা ৰেলিং ডাল হাতত লৈ আগবাঢ়িলোঁ।

এবাৰ দুবাৰ নহয় বহুবাৰ বিষাক্ত ফেটি সাপ সদৃশ মোৰ স্বামীক মই প্ৰহাৰ কৰিলোঁ।মূৰৰ পৰা ধাৰাসাৰ তেজ ওলোৱা মোৰ স্বামী চিৎকাৰ কৰি পকাখনত বাগৰি পৰিল। কঁপি থকা কচুপাত সদৃশ মোৰ ছোৱালীক বুকুত সাৱটি মই খঙত ফোঁফাবলৈ ধৰিলোঁ।

তোৰ মা আছে ভয় নকৰিবি আই ! কঁপি থকা ছোৱালী জনীক মই আঁতৰাই ৰুমলৈ নি বিচনাত শুৱাই গাত কাপোৰ খন দি বাহিৰৰ পৰা দৰৰ্জাখন লক কৰি মই স্বামী কাষলৈ আহিলোঁ।

মোৰ গাৰ সমস্ত শক্তিয়ে অজ্ঞান হৈ পৰি থকা মোৰ ঘৃণনীয় স্বামীক চুঁচৰাই নিছোঁ।আমাৰ ঘৰৰ তলত থকা সুৰংগটোলৈ।

স্বামীৰ হাতৰ পৰা পৰি যোৱা ব্লেড খন মই মোৰ হাতৰ মুঠিত খামুচি ধৰিলোঁ আৰু জপিয়াই পৰিলোঁ এটা নৰপিশাচক উচিত শান্তি দিবলৈ।

মোৰ ফুলকুমলীয়া ছোৱালীক বেয়া দৃষ্টিৰে চোৱা বাপেক নামধাৰী নৰপিশাচটোক চকু দুটা মই ব্লেডখনে আৰ্ক-বাৰ্ক কৰি ফুটাই দিলোঁ। মৰম নাইকিয়া বুকুখনত পূৰণ চিহ্ন আকিলোঁ।তাৰ পাছত গাৰ সমস্ত শক্তিয়ে মই মোৰ স্বামীৰ যৌনাঙ্গ ছেদ কৰি মোৰ স্বামী নামৰ বিষাক্ত ফেটি সাপটোক ঘৃণাৰে পৰিপূৰ্ণ লেলাউটি ওঠত লৈ থুৱাই দিলোঁ শেষ বাৰৰ বাবে।

সুৰংগ দৰ্জাখন মাৰোতে ইমান কষ্ট হৈছে কিয় ? ভাগৰুৱা দেহাটো লৈ বহি পৰিলোঁ উৱালখনত আউজি। দেউতালৈ মনত পৰিল। একমাত্ৰ সন্তানৰ নিৰাপত্তা বাবে ঘৰৰ তলত এটা সৰু কোঠা সাজি থৈছিল।যিটো কথা মোৰ স্বামী নামৰ পশুটোৱে কোনো দিন জনা নাছিল।আজি মই সেই কোঠাতেই নিজ হাতে স্বামীক কবৰ দি সন্তানৰ নিৰাপত্তা অনুভৱ কৰিলোঁ।

টং টং উৱালৰ ঘড়ীটোৱে এক বজাৰ সংকেত দিলে। 
 চিৰিংকৈ ল'ৰাটোলৈ মনত পৰিল। কাষতে জাপি থোৱা বস্তা দমটো চুচৰাই আনি সুৰংগ মুখখন বন্ধ কৰি , ঢলং-পলংকৈ বাহিৰলৈ উলাই গৈছোঁ।চকুত পৰিল স্বামীক চুচৰাই নিয়া তেজৰ দাগবোৰে মোলৈ চাই ইতিকিং কৰি হাঁহি মাৰিছে। বুকুখন ঢপংকৈ উঠিল। কি কৰা যায় ? ল'ৰাটো স্কুল চুটি হ'ল।বিচনাখনত পাৰি থোৱা বিচনাচাদৰখন আজুৰি আনি হাঁহি থকা ঘৃণনীয় তেজখিনি মচি পেলালোঁ যদিও দাগ ৰৈ গ'ল।

একেটা উশাহতেই পানী গিলাচ খাই। পিন্ধি থকা সাৰীখন বদলি কৰি , ল'ৰাটো স্কুলৰ পৰা আনিবলৈ ঢাপলি মেলিলোঁ।


◾বিটুমনি কোঁছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)