প্ৰতাৰক নহয় মই -অংকুৰ বৰা

Aditi Tanti
0
প্ৰতাৰক বুলি তুমি মোক নাভাৱিবা
কৰা নাই মই একো অভিনয়;
তুমি কৈছিলা আমাৰ প্ৰেমৰ সম্পৰ্কটো অব্যাহত ৰাখিব নোৱাৰোঁ বুলি, তোমাৰ পৰিয়ালৰ সন্মতি নোপোৱা কাৰণে.....
কিন্তু তথাপিও মই তোমাক মোৰ পৰা আতঁৰি নাযাবলৈ জোৰ কৰিছিলোঁ।।
আৰু তুমিও মোক এৰি নাযাও বুলি সিদ্ধান্ত কৰিলা।।
মোক এৰি নোযোৱাৰ সিদ্ধান্ত কৰিলা থিকেই,
কিন্তু সকলোবোৰ সলনি হৈ গ'ল...
তোমাৰ মোৰ প্ৰতি থকা মৰম ভালপোৱাবোৰ আৰু
আগৰ দৰে হৈ থকা নাই,,,
সেইবাবে মই আৰু জোৰ নকৰো 
কাৰণ প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয়। 
প্ৰথম দেখোতেই মই‌ তোমাৰ প্ৰেমত পৰিলোঁ
ক'ব নোৱাৰাকৈ তুমি মোৰ আপোন হৈ পৰিলা
চোৱাচোন নিয়তিৰ কি পৰিহাস ! 
জ্যোতিৰ জ্যোতিৰে জ্যোতিস্মান কৰা সংসাৰ
এচপৰা কলীয়া ডাৱৰে নিমিষতে কৰিলে
চাৰখাৰ.............
ভালপোৱা অনুভৱৰ নাম
সেই অনুভৱত মই শিপাব নোৱাৰিলোঁ
অজানিতে বা জানি বুজি যদি তোমাক কিবা কথাৰে মনত আঘাত দিলোঁ ক্ষমা কৰিবা।।
তুমি সুখী হোৱা আজীৱন।।
মই বিচাৰি পালোঁ মোৰ অস্তিত্ব।।
কিছুদিনৰ ভিতৰতে তোমাক নিজৰ কৰি ল'ব খুজিছিলো।।
ভালপোৱা জীয়া মানুহৰ অধিকাৰ।
পাহৰি গৈছিলো মই‌ যে মৃত।।
ভগৱানে তোমাৰ সপোনবোৰ যাতে পূৰণ কৰে তাৰ বাবে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম ।।
আগন্তক প্ৰতিটো দিনে যেন তোমাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু অনাবিল আনন্দ কঢ়িয়াই আনে তাৰে কামনাৰে...... ক্ষমা ভিক্ষা মাগিছো ।।

কিছু ভাল লগা মুহূৰ্ত উপহাৰ দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ।।।।

অংকুৰ বৰা
 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)