অৰ্ধাঙ্গিণী -হেমেন হাজৰিকা

    জামুকীয়া
     কলিজা এটা আনিবা
     সী লম
     ফিচিকি যোৱা
    এটা সেউজীয়া কামিজ।

   বহুদিন হ'ল
   তোমাকো দিব পৰা নাই
  এখন নতুন গা ঢকা কাপোৰ
  একেই উশাহ
  একেই আহাৰ
  এইখনেই মূৰৰ ওপৰৰ চালি
   এইবাৰ বিহুত
   ঘৰমুৱা হওঁতে
   এটা জামুকীয়া
  কলিজাকে আনিবা ।।

হেমেন হাজৰিকা
 

Post a Comment

Previous Post Next Post