মোৰ বিশাল জোনাকী আকাশৰ জ্বলি থকা নক্ষত্ৰ তুমি,
বাৰিষাৰ দিনবোৰৰ কোমল বৰষুণজাক তুমি।
মোৰ প্ৰতিটো হাঁহিৰ অন্তৰত তুমি,
উজাগৰে কটোৱা প্ৰতিটো ৰাতিৰ সংজ্ঞা তুমি।
বিয়পি আছা মোৰ প্ৰতিটোপাল তেজত ,
মাথোঁ সকলোতে এতিয়া
তুমি , তুমি আৰু তুমি.....
তোমাৰ মতে প্ৰেমৰ সংজ্ঞা কি? মই নাজানো!
কিন্তু মোৰ বাবে তুমি মোৰ আৰু মই তোমাৰেই।