যৌৱনকাল অন্ত পৰো পৰোৱেই হৈছিল শুনিবলৈ পাইছিলো "লগৰ সকলো এজনীৰ পিছত এজনীকৈ বিয়াই হৈ গ'ল তই হে এতিয়ালৈ বিয়াৰ নামটোৱেই লোৱা নাই !” কিদৰে যে সমাজ খনক বুজাওঁ বিয়া হোৱাই এজনী ছোৱালীৰ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নোৱাৰে ! দিনবোৰ এদিন এদিনকৈ পাৰ হ'ব ধৰিছিল ! অকলশৰীয়া অনুভৱ পিছে মই নকৰা নাছিলোঁ ! মোৰ এজন বন্ধুয়ে মোক তৎক্ষণাত এঠাইলৈ মাতি পঠিয়ালে, মোৰো বুজিব বাকী নাথাকিল যে সি ইমান খৰধৰকৈ কিয় মাতিছিল ! গৈ দেখিলো তাৰ কাষত এজনী কণমানি, তাইৰ পদুমৰ দৰে চকু কেইটাৰে মোৰ ফালে চাই আছিল আৰু মোৰ কাষলৈ আহি এটা মিচিকীয়া হাঁহিৰে মোক মাত লগাইছিল "মা" ! মোৰ অন্তৰখন আনন্দত কান্দি উঠিছিল ! "মা" শব্দটো যেন সেইটো সময়ত মোৰ বাবে আটাইতকৈ মূল্যৱান শব্দ হৈ পৰিছিল। হয় মই অবিবাহিত কিন্তু আজি এজনী মাতৃ ! তাই মোৰ গৰ্ভস্থ সন্তান নহয় ! আপুনি ঠিকে বুজিছে মই খৰধৰকৈ অনাথ আশ্ৰমলৈহে গৈছিলোঁ ! বিয়া নহ'বলৈ মোৰ হাতত হাজাৰটা কাৰণ আছে আৰু বিয়া হ'বলৈ মোৰ হাতত এটাই কাৰণ আছিল এজন সংগীৰ অভাৱ ! কিন্তু স্বাস্থ্যজনিত কিছু কাৰণত ডাক্তৰে কৈছিল যে মই কেতিয়াওঁ মাতৃ হ'ব নোৱাৰিম ! তেনেস্থলত আমাৰ সমাজখনে জানো মোক বোৱাৰী হিচাপে আকোৱালি ল'ব ! হাজাৰ জনৰ হাজাৰ কথা শুনাতকৈ মই এটি শিশুতেই মোৰ সুখ বিচাৰি ল'লো। তাই মুখৰ "মা" শব্দটোৱে যেন মোৰ জীবনৰ সকলো দুখ ভাগৰ পাহৰাই পেলাইছিল ! তাইক বুকুৰ মাজত সাৱটি ধৰি মই ক'লো - “ ব'লা মাজনী আমাৰ ঘৰলৈ যাওঁ ! ”
◾আশ্ৰিফা ইয়াছমিন
Fali disa
ReplyDeleteAmazing
ReplyDelete