আজি যান্ত্ৰিক ৰূপত,
সহজ-সৰল নীতিৰে সৃষ্টি সমাজত
আজি দানৱৰ বৃষ্টি।
নম্ৰতাৰে ভৰপূৰ মনোভাৱ আজি,
উশৃংখল ৰূপত,
মানৱতাৰ ভাৱৰীয়া জন আজি
দস্যুৰ ভাৱত।
বহুদূৰ গুচি গ'ল আজি
অতীত বিনন্দীয়া,
মৰা-মৰি ,কটা-কাটি আজি
হ'ল নিয়মীয়া।
পুৰণি চুৰিয়া গুচি
দীঘল পেন্ট হ'ল,
বোৱাৰীবোৰৰ উৰণিও
নেদেখাই হ'ল।
পুৰণি জুপুৰি ভাঙি অট্টালিকাৰ সৃষ্টি,
মানুহৰ দুখ-বেজাৰত চুবুৰীয়াৰ মস্তি।
অযথা কামত যদি হাজাৰ টকা যায়,
কাষৰে দৰিদ্ৰ জনে খাবলৈও নাপায়।
নাই আজি পাবলৈ
অতীতৰ সমাজ,
মানৱ জাতি হ'ল আজি
সবাতোকৈ নিলাজ।
ক'লৈনো গুচি গ'ল অতীতৰ দিনবোৰ,
জন্তুতকৈ চ'ৰা হ'ল মানুহৰ মনবোৰ।।
◾লক্ষীন্দ্ৰ(জুমন) গগৈ
ঢকুৱাখনা, লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ