ৰঙালীৰ ৰং -পল্লৱ ৰায়

ফাগুনে সৰাপাতত আঁকি থৈ গৈছিল 
ৰঙালীৰ ৰং, 
দি গৈছিল ব'হাগৰ বতৰা। 
এই ৰং আঁকিবলৈ 
নালাগে ৰং তুলিকা, 
জেতুকা-বৰ্হমথুৰিৰ পাতে পাতে
জিলিকি আছে ৰঙালীৰ ৰং। 

কুলি - কেতেকীৰ বিননিত
ন- ৰূপা আজি নিজান বননি, 
পদূলি মূৰৰ তগৰ জোপায়ো 
বিলাইছে সুৱাসবিহীন সৌন্দৰ্য্য। 
ভাঁহি আহিছে আঁহতৰ তলৰ
বিহুৰ আখৰাৰ শব্দ, 
ঢোল-পেপা-টকাৰ মাত
ৰংমন, ৰাংঢালীৰ প্ৰেমৰ সুৱাস। 

ঢোলৰ ছেৱে ছেৱে ছেওঁ ধৰি আহিছে 
ঢেঁকীৰ ঢেংকুৰ টুকুৰ মাত
ঢেঁকীশালত আইতাহঁতৰ ব্যস্ততা। 
খুৰীদেউৰ তাঁত-শালত মাকোৰ খিত্খিতনি, 
ভাঁহি আহিছে তেউ হালধীয়া 
খিল্ খিল্ হাঁহি। 

ৰঙিলী-পমিলিয়ে হেপাঁহেৰে বুটা বাঁচি 
চেনাইক যাঁচে বিহুৱান খন। 
পাহাৰ বগাই - বগাই
চেনাইয়েও আনি দিয়ে কপৌফুল, 
গুজি দিয়ে নাচনীৰ 
কলডিলীয়া খোপাত। 

ব'হাগ অহাৰ বাতৰি পায়েই
উফন্দি উঠিছে দিখৌ - চাকনৈয়া
সমৃদ্ধি, আনন্দত উলাহৰ মাদকতা। 
ৰঙালীৰ ৰঙতে ৰঙীন 
অসমীয়াৰ মন, 
উলাহত গা সাতখন-আঠখন। 

বিহুগীতৰ খলকনিত আজি
আকাশ-বতাহ মুখৰিত, 
লুইতৰ বুকু উথলি উঠে
বিহুগীতৰ সুৰে-সুৰে, তালে তালে। 
ঢোল-পেপা-গগনাৰ 
হিয়া উতলা ঐকতানত, 
জাগে অসমীয়াৰ বিপুল উলাহ।
            
পল্লৱ ৰায়

Post a Comment

Previous Post Next Post