এপাহি সোনাৰুৰ হাঁহি-নৱজিৎ নাথ

©Admin
0
সোনাৰু বলিয়া ৰ'দৰ চিকমিকনিত,
হালধীয়া হাঁহি মাৰি 
আলফুলে ফুলি আছে 
এপাহি সোনাৰু.........।।  সোনাৰুৰ মিচিকিয়া হাঁহিত 
দুখ বোৰ বুকুতে সামৰিলো, 
এক নতুন সপোন ৰচিলো 
হৃদয়ৰ দলিচা পাৰি.......।।

তুমি জানা নে.......? 
কাঁচিয়লি ৰ'দৰ মাজত 
সোনাৰুৰ হাঁহি 
মৌন দুটি ওঁঠত লৈ 
ফুলৰ ফাঁকেৰে নামি অহা 
ৰ'দালিৰ হেঙুলীয়া 
ৰাভা বোৰৰ ৰহন সানিবলৈ 
কিমান আশাৰে 
ব্যাকুল হৈ আছো....... !!

নৱজিৎ নাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)