হাঁহি আৰু কান্দোনৰ
ব্যথা আৰু বেদনাৰ সমন্বয়ত
জন্ম আৰু মৃত্যু ৰ সন্ধিক্ষণৰ
এক ছায়াছবি বৰ মনোৰম
এই মানৱ জীৱন
এই জীৱন ক্ষণস্থায়ী
জন্মিলে মৃত্যু অৱশ্যম্ভাৱী
জগতৰ আছে এজন
সৃষ্টিকৰ্তা পৰম ঈশ্বৰ
তেওঁৰে ইচ্ছাত ঘূৰিছে ভূমণ্ডল।
গ্ৰহ তৰা বেলি জোন
নীহাৰিকা নক্ষত্ৰমণ্ডল
সৃষ্টি স্থিতি প্ৰলয়ৰ তেৱেই কাৰণ ।
কিন্তু পৃথিৱীত মানুহে আহি
নিজকেই হৰ্তা কৰ্তা বিধাতা ৰূপেৰে
ধন-ধান সৌৰ্য-বীৰ্য কৰি আহৰণ
ঈশ্বৰৰ অস্তিত্ত্বক পাহৰি পেলায়
অহংকাৰে মদমত্ত হৈ ঈশ্বৰৰ সৃষ্টিক
মোহাৰি পেলায়
যিজনাই ঈশ্বৰক চিনে
আৰু মানৱতা ধৰ্ম বুলি মানে
সিজনাক সুখে দুখে নোৱাৰে টলাব ।
সুখ - দুখ , হাঁহি - অশ্ৰু
ব্যথা - বেদনা মাথোঁ
মনৰ এটি ক্ষণস্থায়ী ভাব
ভাবিলে ভাৱনা বাঢ়ি যায়
নাভাবিলে একোৱেই নাই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ