আপুনি কুশলে আছেনে ?

Rinku Rajowar
0
           বহুদিন হ'ল
      আপোনাৰ কোনো
      বাতৰি পোৱা নাই  ।
      ময়ো যে অনেক ব্যস্ত
      পুৱাৰ বাতৰি দিয়া
      কাউৰী জনীক সুধিছিলো
      নাই বাতৰি নাপালোঁ  ।

      আকাশ বতাহ
      ৰাঙলী কৰা
      শিমলু মদাৰ পলাশ
     নাই কোনেও নাপায়
     আপোনাৰ খবৰ  ।

     যুদ্ধ বিধ্বস্ত সময়
     মূল্য বৃদ্ধিত অসহায় জনতা

     এতিয়া
     অলপ জিৰণি
    সুধিব পাৰোনে সতীৰ্থ
   কুশলে আছেনে আপুনি  ?

    ◾হেমেন হাজৰিকা
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)