মানুহৰ মাজতেই জীৱন
জীৱনৰ মাজত মানুহ
কোলাহলে কোঙা কৰা কলিজা গচকি
মানুহবোৰ আহে আৰু যায়..
কৃত্ৰিম মুখাৰ আঁৰত
মানুহবোৰে হাঁহে, মানুহবোৰে কান্দে
কেতিয়াবা কঢ়িয়াই ফুৰে
এমুঠি বোবা বেদনা,
থমকি ৰʼবৰ সময় নাই কাৰো।
ব্যস্ত জীৱনত আত্মকেন্দ্ৰিক কিছুমান মানুহ,
সুখ বিচাৰি হাবাথুৰি খোৱা কিছুমান মানুহ,
কংক্ৰীটৰ অৰণ্যত আত্মীয়তা বিচাৰি
দিশহাৰা হৈ পৰা কিছুমান মানুহ,
আৰু কিছুমান
গাত ৰ'দ নলগা, বৰষুণ নপৰা এমুঠি মাটিৰ মানুহ...
চাৰিওদিশে অগণন মুখৰ পয়োভৰ
তথাপি আকাশৰ বিশালতাৰ মাজত
মানুহবোৰ তেনেই নগন্য..
হৃদয়বোৰো যেন নিসংগতাৰে পূৰ্ণ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ