হেৰাই যাওঁ বুলি বৰ ভয় লাগে মোৰ।
ইমান ধুনীয়া মানুহবোৰ
ইমান ধুনীয়া বাহন বোৰ
ইমান ধুনীয়া ঘৰ বোৰ
সকলোৰে ইমান ধুনীয়া সাজ-পোচাকবোৰ।
সকলো বোৰেই চোন ধুনীয়া
সকলোবোৰেই আকৰ্ষণীয়।
ৰাস্তাৰে গ'লেও
সাৱধানে যাওঁ মই
কোনোবাই কিবা কয় যদি মোক।
ইমান সুন্দৰ
ইমান প্রাণোচ্ছল
ডেকা গাভৰুৰ দল
তথাপিওচোন একোৱেই ভাল নালাগে মোৰ।
মোৰ দুচকুৱে মাথো বিচাৰি ফুৰে তোমাক।
তোমাৰ দৰে একোৱেই যে ধুনীয়া নহয়
নহয় মোহনীয়
নহয় সজীৱ
নহয় জ্যোতিষ্মান।
ভাবি বৰ ভাল লাগে
এই ধুনীয়া সুন্দৰ মানুহজন যে
গোটেই জীৱন জুৰি
প্রতিটো পল
প্রতিটো ক্ষণ
মাথো মোৰেই।
ইমান ধুনীয়া, কাব্যময় মৰ্মৰিত অনুভৱ। হৃদয়ৰ গভীৰত আশ্চর্য-সুন্দৰ জোনাকৰ তাজমহল এটা
ReplyDeleteনাথাকিলে কবিতা হয়তো নান্দনিকতাৰে শিল্পমণ্ডি
-ত হৈ নুঠে। কবিক অভিনন্দন জনালো।