আপুনি জানেনে

Rinku Rajowar
0
কুলি চৰাই
========

কুলি চৰাইৰ বৈজ্ঞানীক নাম EUDYNAMYS SCOLOPACEUS. এইবিধ চৰাই দক্ষিণ এচিয়া , চীন আৰু দক্ষিণ-পূব এচিয়াত দেখা যায়। কুলি চৰাইৰ মধুৰ কন্ঠৰ বাবে বিভিন্ন ভাষা-সাহিত্যৰ এক গুৰুপ্তপূৰ্ণ স্থান দখল কৰিছে।

বিৱৰণ
----------

কুলি চৰাই এবিধ ডাঙৰ আকাৰৰ , দীঘল নেজী চৰাইৰ প্ৰজাতি । দেহৰ দৈৰ্ঘ্য 39-46 ছে:মি: আৰু ওজন প্ৰায় 190-327 গ্ৰাম। কুলি চৰাই সাধাৰণতে চিকমিকিয়া ক'লা , ঠোঁট পাতল সেউজীয়া-মূগা , চকু মণিমলয় ডাঠ ৰঙা আৰু ঠেং ছাই বৰণৰ।

বসতিস্থল
---------------

  কুলি চৰাই কাঠনি আৰু পথাৰ আদিত দেখা যায়। এই প্ৰজাতিটো নতুন বসতিস্থলত আবাদী বিস্তাৰ কৰাত অভ্যস্ত বুলি জনা যায়।

আচৰণ
------------

কুলি চৰাই এবিধ উমনি পৰজীৱি। ইহঁতে প্ৰধানকৈ কাউৰীৰ বাহত কণী পাৰে আৰু কম উচ্চতা থকা ফল-মূলৰ গছৰ বাহ বিলাক পছন্দ কৰে। ইহঁতে বিভিন্ন ধৰণৰ পোক-পতংগ , বিছা , কণী , সৰু জীৱ তথা ফল-মূল খায়।

টেক্স'নমি
-------------

ঠাইভেদে কুলি চৰাইৰ দেহৰ বৰণৰ যথেষ্ট পাৰ্থক্য দেখা যায়। কেইটামান উল্লেখযোগ্য উপপ্ৰজাতি হ'ল :-
  EUDYNAMYS SCOLOPACEUS SCOLOPACEUS ( Linnaeus , 1758 ) এইবিধ প্ৰজাতি ভাৰত , পাকিস্থান , নেপাল ,
বাংলাদেশ , শ্ৰীলংকাত দেখা যায়।

EUDYNAMYS SCOLOPACEUS CHINENSIS. ( chabanis and heine , 1863 ) এইবিধ প্ৰজাতি দক্ষিণ চীন আৰু ইণ্ডোনেছিয়াত দেখা যায় আদি।


সংগ্ৰাহকঃ চিন্ময় নাথ , মানিকপুৰ ( বঙাইগাঁও )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)