ব্যস্ততাৰ মাজত হাঁহি এমুঠি- কল্পনা বৰা

এবাৰলৈ ওপৰলৈ
মূৰ তুলি চালো,
আকাশখন দেখোন বহুত বিশাল
যিটো কল্পনাই কৰা নাছিলোঁ!
ব‌্যস্ততাৰ মাজত
ডুবাই ৰাখোঁ নিজক মাথো,
প্ৰকৃতিৰ সৌন্দৰ্য্য ও উপভোগ নকৰোঁ 
জীৱনৰ ৰঙনো কʼত পালো?
সেউজীয়া বিৰিখবোৰেও
মিচিকিয়াই হাঁহিছে,
মোলৈ দৃষ্টি নিক্ষেপ কৰি;
যেন ঘৃণাতহে মুখ কোঁচাইছে!
ওঁঠৰ হাঁহিটিও ম্লান হʼল মোৰ
মইতো ঘৃণাৰেই তুল্য,
যিয়ে সময় নাপাওঁ
উপভোগ কৰিবলৈ পৃথিৱীৰ সৌন্দৰ্য্য।
ব্যস্ততাৰ মাজত নিজৰ মাথো
সুখ বুটলিছোঁ,
দুৰ্ভগীয়াজনৰ ফালে মুখ ঘূৰোৱাৰ
প্ৰশ্নই নকৰোঁ!
ধনৰ মাজতেই সুখ বিচাৰি
সাঁতুৰিছো পাৰাপাৰহীন সাগৰত,
দুখীয়াৰ ওঁঠত হাঁহি বুলাবলৈ
সময়নো কʼত ওলাব?
আজি যেন বিচাৰি পাইছোঁ
জীৱনৰ প্ৰকৃত সুখ,
সকলোৰে বেদনাৰ সমভাগী হʼলে থাকিবনো কʼত দুখ?
সমভাগী হʼম সুখ-দুখৰ
 আজীৱন সকলোৰে,
জীৱনৰ মাদকতা লভিম
চিৰজীৱন এনেদৰে।

                    ✍️ কল্পনা বৰা

Post a Comment

Previous Post Next Post