গাজনি-ঢেৰকনিৰ গুমগুমনিত
মেঘৰ উন্মাদ মাদলত;
প্ৰতিশ্ৰুতি বৰষুণৰ টোপালত।
আশাৰ অফুৰন্ত সঞ্চাৰৰ
বতৰাৰে প্ৰকৃতি জগতলৈ আহিল
বাৰিষা আগমনৰ বতৰা।।
হদয়ত এজাক স্বপ্নৰ সুবাসেৰে
মৌন দুটি ওঠত আশাৰ সপোন বোৰ বান্ধি,
পথাৰ খন কঠিয়াৰ শাৰী শাৰীৰে
মুঠি -মুঠি নানান ৰঙীন আশাৰ
সোণোৱালী সপোনবোৰ।
কৃষকৰ আবেগক জীপাল কৰিবলৈ আকৌ
আহিল বাৰিষা আগমনৰ বতৰা।।
✍🏻নৱজিৎ নাথ,
ছিপাঝাৰ মহাবিদ্যালয়