ফাগুণ মাহৰ আবেলি সময় । ক্লাবলৈ বুলি ওলোৱা শাহুৱেকে ওচৰৰ শইকীয়ানীক ক'লে - "ল'ৰা ছোৱালীৰ মুখ নেদেখা মানুহ দেখি গ'লে যাত্ৰা নষ্ট হয়। মই নাযাওঁ দিয়া।"
চোতালৰ দাঁতিত কাপোৰ চপাই থকা নমিতা শিলপৰা কপৌৰ দৰে থৰ হৈ ৰ'ল । নমিতা বিয়া হৈ অহা আজি পাঁচ বছৰেই হ'ল । এতিয়া এনেধৰনৰ কথাবোৰ শুনাটো তাইৰ অভ্যাসত পৰিণত হৈছে ।মাতৃ হ'ব পৰা সমস্ত উৰ্বৰা শক্তি থকাৰ পাছতো তাই আজি সন্তানহীনা নামেৰে পৰিচিত । 'দোষ তাইৰ নহয় ' এই কথা শাহুৱেকে মানি ল'ব নিবিচাৰে । বিভিন্ন সময়ত চলা অকথ্য নিৰ্য্যাতন সহিব নোৱাৰি আত্মহননৰ দৰে কথাও তাইৰ মনলৈ আহে ।তথাপিও তাই মৰি মৰি জী থাকে । তাই বিশ্বাস এদিন নিশ্চয় শাহুৱেকে তাইক বুজি পাব ।
বহু অপেক্ষাৰ অন্তত সেই দিনটো আহিল। শাহুৱেকে নিজেই নমিতা আৰু তাইৰ স্বামীক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্ততঃ ডাক্তৰে নমিতাৰ শাহুৱেকক বুজাই দিলে যে- তেওঁৰ পুত্ৰৰ সন্তান জন্ম দিবপৰা ক্ষমতা জন্মগতভাৱেই নাই । ডাক্তৰৰ কথাত শাহুৱেকৰ মূৰত যেন সৰগ পৰিল ! অতদিনে নমিতাক কৰি অহা দুৰ্ব্যৱহাৰ আৰু নিৰ্যাতনৰ বাবে আজি নিজেই অনুতপ্ত।
◾ মিনাক্ষী দত্ত
ধেমাজি (মাছখোৱা)।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ