এগৰাকী বিচক্ষণ ৰাজনীতিবিদ, একাধাৰে এজন দক্ষ টেনিছ তথা গল্ফ খেলুৱৈ আৰু অক্লান্ত স্বাধীনতা সংগ্রামী, আদর্শবান কংগ্ৰেছ নেতা, উদাৰ ৰাজনীতিজ্ঞ তথা মহান ব্যক্তিত্বৰ অধিকাৰী, ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ। এইজনা মহান নেতাৰ ১৯০৫ চনৰ ১৩ মে তাৰিখে ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীত জন্ম গ্রহণ কৰে। তেওঁৰ পিতাকৰ নাম আছিল কর্ণেল জালনুৰ আলি আহমদ। এওঁলােকৰ পূৰ্বপুৰুষ সকল আছিল অসমৰ গােলাঘাট মহকুমাৰ অন্তর্গত কছাৰীহাট নামৰ এখন সৰু গাৱঁত। জালনুৰ আলি আহমদ আছিল বৃটিছৰ দিনত কর্ণেল খিতাপ লাভ কৰা প্ৰথম অসমীয়ালােক।ফখৰুদ্দিন আলি আহমেদৰ দহজন ককাই-ভাই আছিল। সেই সকলৰ ভিতৰত ফখৰুদ্দিনেই আছিল ডাঙৰ। উত্তৰ প্ৰদেশৰ গ'ণ্ডা জিলাৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ শিক্ষাজীৱন আৰম্ভ কৰিছিল। তেওঁ দিল্লী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত (পঞ্জাব বিশ্ববিদ্যালয়ৰ অধীনত) কিছুদিন পঢ়াৰ পাছত ১৯২৩ চনত উচ্চ শিক্ষা তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বাবে সাজু হোৱাৰ হেতু ইংলেণ্ডলৈ গৈ কেম্ব্ৰিজৰ ছেইণ্ট কেথেৰিনছ কলেজত শিক্ষাগ্ৰহণ কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত বহাৰ পৰা বঞ্চিত হয়। ইংলেণ্ডত থকা কালছোৱাতেই তেওঁ লৰ্ড বাটলাৰৰ দৰে বিদগ্ধ লোকৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডতেই তেওঁ আইনৰ শিক্ষাও লাভ কৰে আৰু ভাৰতলৈ ঘূৰি আহি ১৯২৮ চনত লাহোৰ উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে।ফখৰুদ্দিন আলি আহমেদৰ পিতৃ কৰ্ণেল জালনুৰ আলি আহমেদ ভাৰতীয় চিকিৎসা সেৱাৰ এগৰাকী উচ্চপদস্থ বিষয়া আছিল। কৰ্ণেল জালনুৰ আলি আহমেদৰ পৈতৃক ঘৰ আছিল অসমৰ গোলাঘাটৰ ওচৰৰ কছাৰীহাটত। কৰ্নেল জালনুৰ আলি আহমেদক তেওঁৰ সহকৰ্মী কৰ্নেল শিবৰাম বৰাৰ সতে সেই সময়ৰ অবিভক্ত অসমৰ শ্বিলং ক্লাবত আয়োজিত এটি অনুষ্ঠান বৰ্জন কৰাৰ অপৰাধত সুদূৰ উত্তৰ পশ্চিম প্ৰভিঞ্চলৈ বদলি কৰা হয়। তাতেই তেওঁ দিল্লীস্থ লোহাৰীৰ নৱাবৰ সংস্পৰ্শলৈ আহে আৰু কিছুদিন পাছত তেওঁৰ জীয়ৰীক বিয়া কৰায়। ১৯২৫ চনত ইংলেণ্ডত তেওঁ জৱাহৰলাল নেহৰুক লগ পায় আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শই ফখৰুদ্দিন আলি আহমেদক বাৰুকৈয়ে প্ৰভাৱিত কৰে। ১৯৩০ চনৰ অসম ভ্ৰমণৰ সময়চোৱাত তেওঁ অসমৰ কংগ্ৰেছী নেতা সকলৰ সংস্পৰ্শলৈ আহে আৰু ১৯৩১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদত যোগদান কৰে। ১৯৪০ চনৰ ১৪ ডিচেম্বৰত সত্যাগ্ৰহ পালন কৰাৰ অভিযোগত তেওঁক প্ৰায় এবছৰৰ বাবে কাৰাগাৰালৈ নিক্ষেপ কৰা হয়। ১৯৪২ চনৰ ৯ আগষ্টত কংগ্ৰেছৰ ঐতিহাসিক বোম্বাই অধিৱেশনত অংশগ্ৰহণ কৰি ঘূৰি অহাৰ ক্ষণতে তেওঁক পুনৰ গ্ৰপ্তাৰ কৰা হয় আৰু প্ৰায় চাৰে তিনি বছৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰে। তেওঁ ১৯৩৬ চনৰপৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য আৰু ১৯৪৭ চনৰ পৰা ১৯৭৪ চনলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য আছিল। ১৯৩৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮ চনৰ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত তেওঁ বিত্ত, ৰাজহ আৰু শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। মন্ত্ৰিত্বৰ কালছোৱাত তেওঁ Assam Agricultural Income Tax Bill আদিৰ দৰে এখন গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত উত্থাপন কৰে। স্বাধীন ভাৰতৰ কোনো এখন ৰাজ্যতে তেতিয়ালৈ এনে আইন প্ৰণয়ন হোৱা নাছিল। ইয়াৰ জৰিয়তে অসমৰ চাহ বাগানবোৰত প্ৰত্যক্ষভাবে কৰ আৰোপ কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। বিৃটিছ মালিকানাধীন Assam Oil Company Ltd ৰ শ্ৰমিক আন্দোলনৰ সময়তো তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাবলৈ সক্ষম হৈছিল।
ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ ৰাজ্যসভালৈ ১৯৫২-৫৩ নিৰ্বাচিত হয় আৰু পাছত অসম চৰকাৰৰ এডভোকেট জেনেৰেলৰ পদবী লাভ কৰে। তেওঁ কংগ্ৰেছ দলৰপৰা নিৰ্বাচনত অংশগ্ৰহণ কৰি একেলেথাৰিয়ে দুবাৰকৈ ১৯৫৭-৬২ আৰু ১৯৬২-৬৭ অসম বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৭৪ চনৰ ২০ আগষ্ট তাৰিখে তেওঁ ভাৰতৰ সৰ্বোচ্ছ পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ ভাৰতবৰ্ষৰ দ্বিতীয়জন মুছলমান ৰাষ্ট্ৰপতি। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত তেওঁৰ ভূমিকা সন্দৰ্ভত কিছু সমালোচনাৰ সন্মুখীন হোৱাৰ বাহিৰে তেওঁৰ কাৰ্য্যকাল আছিল সম্পূৰ্ণ নিকা আৰু দক্ষ।
১৯৬৭ আৰু ১৯৭১ চনত তেওঁ দুবাৰকৈ বৰপেটা সমষ্টিৰপৰা লোকসভালৈ নিৰ্বাচিত হয়। কেবিনেটত তেওঁ খাদ্য আৰু কৃষি, শিক্ষা, ঔদ্যোগিক বিকাশ আৰু কোম্পানী আইনকে আদি কৰি বহুকেইটা দপ্তৰ তেওঁ লাভ কৰিছিল। নেহেৰু পৰিয়ালৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ফখৰুদ্দিন আলি আহমেদৰ ১৯৬৯ চনৰ কংগ্ৰেছৰ ঐতিহাসিক বিভাজনৰ পাছতো কংগ্ৰেছৰ সতে নিকট সম্পৰ্ক অটূত থাকে। মুছলিম লীগৰ প্ৰবল সাম্প্ৰদায়িক প্ৰচাৰৰ সময়তো অবিচলিতভাৱে এনে এক ধৰ্মনিৰপেক্ষ দেশ তথা জাতিৰ আদৰ্শত বিশ্বাস স্থাপন কৰি জাতি-কুটুম্বৰ হাততো নানা লাঞ্ছনা আৰু নিগ্রহ ভোগ কৰিছিল ফখৰুদ্দিন আলি আহমেদ চাহাব আৰু তৈয়বুল্লাই। ফখৰুদ্দিন আলি আহমেদে ১৯৩২ চনত অসমলৈ দেউতাকৰ লগত আহি ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। দেশভক্ত তৰুণৰাম ফুকন, কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, লোকপ্রিয় গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, জনাব্ তৈয়বুল্লাহ আৰু বহুতৰ লগত দেশসেৱাৰ কামত জড়িত আছিল। আদর্শৱান কংগ্ৰেছ নেতা আৰু ধৰ্মনিৰপেক্ষ দেশসেৱক ফখৰুদ্দিন আলি আহমেদক ১৯৩৪ ১৯৪২ চনৰ কালছোৱাত ব্ৰিটিছ চৰকাৰে তিনি বছৰ কাল জে’লত আটক কৰি ৰাখে৷ ভাৰত চৰকাৰৰ অধিনিয়ম ১৯৩৫ পটভূমিত উত্তৰ কামৰূপ সমষ্টিৰ পৰা সংগ্ৰামী কংগ্ৰেছ নেতা ফখৰুদ্দিন আলি আহমেদে ১৯৩৭ চনত পোনপ্ৰথমে অসম বিধানসভালৈ নির্দলীয় প্রার্থী হিচাপে নির্বাচিত হয় আৰু কংগ্ৰেছ সংসদীয় দলত যোগদান কৰে। ছাৰ ছাদুল্লাৰ নেতৃত্বাধীন মুছলীম লীগ মৰ্চা চৰকাৰৰ পতন হোৱাত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ যুক্ত ফ্ৰণ্ট চৰকাৰ ১৯৩৯ চনৰ ১৯ ছেপ্টেম্বৰত গঠিত হয়। আহমেদ চাহাবক উক্ত মন্ত্রীসভাত গুৰুত্বপূৰ্ণ ৰাজহ আৰু বিত্ত বিভাগৰ কেবিনেট মন্ত্রী পাতে। এজন সুদক্ষ দেশসেৱক হিচাপে তেখেতে অসম কৃষি আয়কৰ আইন ১৯৩৯ বিধানসভাত উত্থাপন কৰি নানা বাধা নেওচি অনুমোদন লাভ কৰে। ৰাজ্যৰ আয় বৃদ্ধি কৰে। কংগ্ৰেছৰ আদৰ্শ আৰু স্বাধীনতা সংগ্ৰামত ব্যস্ত থকা সত্ত্বেও ১৯৪৫ চনৰ ৯ নৱেম্বৰত ফখৰুদ্দিন আলি আহমেদৰ নিকাহ মোবাৰক মোগল বাদশ্বাহী পৰম্পৰা সম্পন্ন আলীগড় নিৱাসী হায়দৰ জোচ চাহাবৰ অষ্টাদশবর্ষী কনিষ্ঠ কন্যা বেগম আবিদাৰ লগত সম্পন্ন হয়। তেখেত আছিল মৰমিয়াল স্বামী, অতিথিপৰায়ণ আৰু সুহৃদ মহান ব্যক্তি। ফখৰুদ্দিন আলি আহমেদে ১৯৪৬-৫২ সময়ছোৱাত অসমৰ এডভোকেট জেনেৰেল হিচাপে দায়িত্ব পালন কৰিছিল। ১৯৫৪-৫৭ কালত তেখেতে অসমৰ পৰা ৰাজ্যসভাৰ সদস্য পদত থাকি সন্মিলিত জাতিপুঞ্জৰ সাধাৰণ সন্মিলনত ভাৰতৰ হৈ প্রতিনিধিত্ব কৰিছিল। তেখেতে ১৯৫৭-৬২ আৰু ১৯৬২-৬৫ কালছোৱাত ক্ৰমে উত্তৰ কামৰূপ আৰু বৰপেটাৰ জনিয়া সমষ্টিৰ পৰা কংগ্ৰেছ প্রার্থী হিচাপে জয়ী হৈ মন্ত্ৰীসভাত স্থান পাইছিল। সেই সময়ত লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু বিমলাপ্রসাদ চলিহাই ফখৰুদ্দিন আলি আহমেদক এজন সুদক্ষ বুদ্ধিদাতা হিচাপে স্থান দিছিল। তেখেতে নামনি অসমৰ বৰপেটা মহকুমাৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি সর্বজনবিদিত। ভাৰত বিভাজনৰ সময়ত আৰু দেশ স্বাধীন হোৱা সন্ধিক্ষণত ফখৰুদ্দিন আলি আহমেদৰ ভূমিকা স্মৰণীয়৷ তেখেতে অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত ১৯৭৬ চনৰ ২ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ টিহু অধিৱেশন উদ্বোধন কৰে। ডাঃ ভূমিধৰ বৰ্মন, শৰৎচন্দ্ৰ সিংহ ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে অভ্যর্থনা সমিতিৰ সভাপতি আছিল। ১৯৬৫ চনত পণ্ডিত জৱাহৰলাল নেহৰুৱে গুণীৰ গুণ বুজি ফখৰুদ্দিন আলি আহমেদ চাহাবক কেন্দ্রীয় মন্ত্রীসভাত কৃষিমন্ত্ৰীৰ দায়িত্ব অর্পণ কৰে। ১৯৬৬ চনৰ পৰা ১৯৭৪ চনলৈ তেখেতে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্রীসভাত লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ প্রধান মন্ত্রিত্বত বহু দায়িত্ব পালন কৰিছিল। শক্তি, শিক্ষা, জলসিঞ্চন, শিল্প, আভ্যন্তৰীণ বাণিজ্য, কৃষি আৰু কোম্পানী পৰিক্ৰমাৰ মন্ত্ৰী হিচাপে তেখেতৰ কৃতিত্ব জল্ জল্ পট্পট্ হৈ আছে। ফখৰুদ্দিন আলি আহমেদ চাহাবে মন্ত্রীসভাত দায়িত্ব পালন কৰি থকা অৱস্থাত সত্যেন্দ্ৰ মোহন লাহিড়ী, হৰেশ্বৰ গোস্বামী, হলিৰাম বৰ্মন, দীননাথ মেধি, জগদীশ চন্দ্র মেধি আৰ অন্যান্য আইনজীৱীসকলে ১৯৪৮ চনৰ ৫ এপ্ৰিলত হাইকোর্ট বাৰ এছোচিয়েশ্বন গঠন কৰা হৈছিল। তাৰে ছজনীয়া প্ৰতিষ্ঠাপক সদস্য আছিল, সভাপতি আছিল ফখৰুদ্দিন আলি আহমেদ চাহাব। ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক ব্যস্ত ভ্ৰমণসূচী সামৰি অহাৰ পাছতেই হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে মৃত্যু হোৱা তেওঁ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। সেই মহান ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি ফখৰুদ্দিন আলি আহমেদ দেৱৰ মৃত্যু তিথিত তেওঁক সুঁৱৰিছোঁ। তেখেতৰ আদৰ্শই আমাক সদায়ে অনুপ্ৰাণিত কৰিব।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ