মানুহৰ পিয়াহ কিয় লাগে - ৰুবিস্মিতা সান্দিল্য

©Admin
0
মানুহে পিয়াহ লাগিলে পানী খায়। কিন্তু মানুহে কিয় পানী খায় সেই কথা ভাবিবলৈ কাৰো আহৰি নাই। বিজ্ঞানীয়ে কিন্তু পানী খায়েই ক্ষান্ত থকা নাই।দিনে-নিশাই ইয়াৰ কাৰণ উদ্ঘাটন কৰাত ব্যস্ত হৈ আছে। বহুতো পৰীক্ষা নিৰীক্ষা চলাই গৱষেণাৰ ফলত গৱেষকে গম পালে যে পিয়াহ লাগিলে মগজুত থকা কেতবোৰ আসৃতি গ্ৰাহকে আমাক পানী খাবলৈ সকিয়াই দিয়ে।এই আসৃতি গ্ৰাহকে দেহত পানীৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি থাকে। বিজ্ঞানীৰ মতে , আমাৰ দেহত অতিৰিক্ত পানী ভাগ ওলাই যায় ঘাম আৰু প্ৰস্ৰাৱ আকাৰে। তদুপৰি আমাৰ শ্বাস-প্ৰশ্বাসৰ ফলতো পানী ওলায় যায়। এনে কাৰ্যত সহায় কৰে আমাৰ দেহৰ কোষ, ৰক্ত আৰু মস্তিষ্কই। ইয়াৰ উপৰিও ওজনৰ শতকৰা ৭০ ভাগ হ'ল পানী।তেজতো শতকৰা ৯০ ভাগ পানী থাকে।এই পানী সকলো সময়তে নিৰ্দিষ্ট পৰিমাণৰ থকাতো প্ৰয়োজনীয়। নহ'লে শৰীৰত পানীৰ অভাৱ হ'লে মৃত্যু পৰ্যন্ত হ'ব পাৰে। সেইহে আমি আমাৰ শৰীৰৰ প্ৰয়োজন অনুসৰি পানী খোৱা উচিত। তেজ আৰু কোষকলাৰ ভিতৰত যি জলীয় পদাৰ্থ থাকে তাত পানীৰ পৰিমাণ অত্যাধিক কমি গ'লে লোণ আৰু অন্যান্য জৈৱ পদাৰ্থৰ ঘনত্ব বাঢ়ি যায়। ইয়াৰ প্ৰভাৱত মগজুত থকা  তৃষ্ণা কেন্দ্ৰ উত্তেজিত হৈ উঠে। তেতিয়াই আমাৰ পিয়াহ লাগে।

নাম:ৰুবিস্মীতা সান্দিল্য, ঠাই: নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)