সৰা ফুলৰ পাপৰি ২য় খণ্ড~ মামণি বৰঠাকুৰ

©Admin
0
গুৱাহাটী মেডিকেল কলেজ। 
শ, শ ছাত্র ছাত্রীৰ সমাৱেশ। পবিত্রভাৱে মানৱ সেৱাৰ শিক্ষা লোৱা আৰু দিয়াৰ বিদ্যা মন্দিৰ। 
অচিনাকি পৰিৱেশ এটাৰ  মাজত ব্ৰজেনে বৰ অকলশৰীয়া অনুভৱ কৰিলে। ঘনে ঘনে এৰি অহা ঘৰখন আৰু মনিলৈ মনত পৰিবলৈ ধৰিলে। 

     হঠাৎ দেখিলে চিনাকি চিনাকি লগা ল'ৰা এজন তাৰ কাষলৈ আগবাঢ়ি আহিছে। 
"আৰে দিবাকৰ তই! "
ব্ৰজেনে চিঞৰি উঠিল। 
"আৰে ভাই তই ইয়াত?" দিবাকৰে কৈ গ'ল। ৰিজাল্টৰ এটা খবৰটো দিব পাৰ। চিঠি এখন টো নিদিয়ই। মইটো খংতে তোৰ একো খবৰ নোলোৱা হʼলো ....... "
"এহ, ৰহচোন ৰহ, ইমান গৰম নহ'বি, মোৰ একদম সময় নাইকিয়া হৈছিল অ', মা, দেউতাৰো গা ভাল নাছিল, ঘৰৰ কাম, কি কৰিবি আৰু। বহুত লেঠা বুজিছ! বাৰু বাদ দে, কচোন তোৰ খবৰ... তইটো মেডিকেল পঢ়া মানুহ নহয় বুলি কৈছিলি কেনেকৈ পালিহি ইয়াত......? "
"কিনো কবি মোৰ কথা, মাৰ মতে ইঞ্জিনিয়াৰিং পঢ়িব লাগে, দেউতাৰ মতে ডাক্তৰ। বুঢ়া বয়সত বোলে ডাক্তৰ পুতেকে চাব লাগিব, অৱশেষত পিতৃ আদেশ শিৰোধা্ৰ্য্য কৰি এয়া তোমাৰ লগত। "
কৈয়েই দুয়োটাই হাঁহি উঠিল। 
"ভালেই হ'ল দে, মই নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছিলো। অকৰা গাঁৱলীয়া ল'ৰা... অচিনাকি ঠাইত হাৰ্ট ফেইল কৰিলোহেঁতেন! "
"ধেৎ তেৰি কিযে কৱ! "
দুয়োটাই সজোৰে হাঁহি উঠিল। 
"বাৰু কচোন এতিয়া আছ ক'ত হোষ্টেলত  নে কোনোবা মাহী, পেহীৰ ঘৰত? "
দিবাকৰে সুধিলে। 
"হোষ্টেলত লগে লগে লগেই চিট পালো। ১৪ নং কোঠা। কালি সন্ধ্যাহে পাইছোহি। "
"আৰে ১৬নং  কোঠাত মই আছো। কিযে লাক্ আমাৰ! 
" এৰা ভগৱানে যি কৰে ভালেই কৰে। বʼলচোন ক্লাচ আৰম্ভ হোৱাৰ আগতে চাহ একাপ খাই লওঁ। "
"বʼল ভাই বহুদিনৰ পাছত একেলগে খাম। "
দুয়োটা হোটেলত সোমাই চাহৰ অৰ্ডাৰ দিলে। চাহ খাই কথা পাতি থাকোতেই হঠাৎ তিনিজনী ছোৱালী সিহঁতৰ ফালে আগবাঢ়ি অহা দেখিবলৈ পালে। 
"মিষ্টাৰ চৌধাৰী নহয় জানো আপুনি? "
দিবাকৰ আচৰিত হ'ল। তাকে মাতিছে ছোৱালী জনীয়ে! 
"হয় কওঁকচোন, মই দিবাকৰ চৌধুৰী। পিছে আপোনাক চিনি নাপালো!"
"আপুনি মোক চিনি নাপাব, মই কিন্তু আপোনাক ভালকৈ চিনি পাওঁ। "
কথা শুনি ইটোৱে সিটোৰ মুখলৈ চাবলৈ ধৰিলে। 
সামান্য সৌজন্যতাখিনিও যেন পাহৰি গল। 
দিবাকৰে কলে, "বহকচোন বহক আমিও ইয়াত নতুনহে। "
ছোৱালী জনীয়ে ইঙ্গিতেৰে লগৰ দুজনীক বহিবলৈ কলে। 
"মিষ্টাৰ চৌধাৰী, আপুনি মোক তুমি বুলিয়েই  ক'ব। মোৰ নাম ময়ুৰী চৌধুৰী। মোৰ দেউতা এজন কলেজ শিক্ষক। আপুনি মোৰ জেঠাইৰ ল'ৰা। আপুনি ইয়াত থকা কথা আমি জানো, দেউতাই কেইবাদিনো আপোনাক লগ কৰিবলৈ কৈছিল। মইহে সময় মিলাব পৰা নাই। আজি ক্লাচ শেষ হোৱাৰ পাছত আপোনাক আমাৰ ঘৰলৈ লৈ যাবলৈ কৈছে। " একে উশাহতে কথাখিনি কৈ ময়ুৰী অলপ ৰ'ল। 
"নমস্কাৰ ময়ুৰী, এয়া মোৰ বন্ধু ব্ৰজেন চলিহা।"
"নমস্কাৰ" বুলি বুলি ব্ৰজেন থিয় হ'ল। 
ময়ুৰীয়ে প্ৰতি নমস্কাৰ জনাই লগৰ দুগৰাকী লৈ আঙুলিয়াই কলে " এওঁলোক মোৰ বান্ধৱী, আকাশী বেজবৰুৱা আৰু নিজৰা শৰ্মা। "
আকাশী আৰু নিজৰাৰ ব্ৰজেন, দিবাকৰৰ লগত নমস্কাৰ বিনিময় হল। 

চিনাকি পৰ্ব সামৰি চাহৰ পৰ্ব‌ও শেষ হল। হোটেলৰ পৰা ওলাই আহি ময়ুৰীয়ে ক'লে, "আবেলি ৪ বজাত মই ইয়াত অপেক্ষা কৰিম। দুয়োজন ওলাই আহিব। এতিয়া যাওঁ। "

কথাখিনি কৈ তিনিও  কলেজ অভিমুখে বাট ললে। 

ব্ৰজেনে মাত দিলে "ঐ দিবাকৰ কিহৰ পাল্লাত পৰিলো ক'ব নোৱাৰো দেই, তোৰ লগতে ময়ো ফচি
গ'লো।"
" এৰা ময়ো তাকে চিন্তা কৰিছোঁ। মোৰ অৱশ্যে মাহী এজনী ইয়াত আছে বুলি গম পাওঁ। সৰুতে দেখা মনত নাই। মাহীৰ জীয়েকক আজিহে দেখিছো.... "! 
" বাদ দে ক্লাচ শেষ হোৱাৰ পাছত গুচি যাম কʼতনো ৰʼব, এনেই কৈছে ! "
"নাই ভাই দেখা নাই, কি আলট্ৰা মডার্ন, নগʼলে চোঁচৰাই নিব গম পাবি! "। 
দুয়োটাই সজোৰে হাঁহি উঠিল। 
" এহ হব দে, মই কোনো অনিৰুদ্ধ নহয় যে কোনোবা উষাকুঁৱৰীয়ে হৰণ কৰিব। "

"বাদ দে সোনকালে পলাব লাগিব।‌দৰকাৰ  নাই মিতিৰ খাই সময় নষ্ট কৰাৰ। পঢ়িবলৈ আহিছো  পঢ়িব লাগে বাচ্  হৈ যাব।"
দুয়োটাই  খৰখেদাকৈ   কলেজ অভিমুখে আগবাঢ়ি গ'ল... ............. ! 

আগলৈ.................. 

🔴মামণি বৰঠাকুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)