কষ্টৰ হিচাপ নাই-সুশান্ত দাস

©Admin
0
হৃদয়ৰ ভাষাই বুজে 
এই অবুজনৰ কথা,
মৃত্যুক ভয় নকৰি
কৰে সংগ্ৰাম জীৱন ভৰ
স্নেহৰ বান্ধোনেৰে বান্ধ
খাই থকা এটি পবিত্ৰ সম্পৰ্ক,
সৌহাৰ্দ্যতাৰ পম খেদি খেদি
পোৱা যায় এক নীৰৱ উত্তৰ !
নীৰৱে সহ্য কৰে 
মনোবেদনা,
ঈশ্বৰৰ লালিতা
মৰমৰ মালিতা,
সেইয়াই হয় এক 
স-হৃদয় যন্ত্ৰ,
যাৰ হিচাপ নাই কষ্টৰ,
সেইয়াই এটা নিৰ্মল প্ৰাণ
সৱাৰে হৃদয়ত এটাই নাম
সেইয়াই আমাৰ জীৱনদায়িনী মা !

কষ্টৰ হিচাপ নাই....
মাতৃত্ব গ্ৰহণ কৰি
সকলো আনন্দ এৰি,
লালিত কল্পনা বাস্তৱ কৰিবলৈ
সন্তানৰ সুখ কাম্য কৰিবলৈ 
কৰি আজীৱন আপ্রাণ চেষ্টা,
মাতৃত্ব জীৱনৰ ফল লভিবলৈ
বাঞ্ছা কৰে তেওঁ,,
তেওঁৰ কষ্টৰ হিচাপ নাই 
মাতৃ নামেই মৰমৰ বাহাৰ !!....

কষ্টৰ হিচাপ নাই......
কপালৰ ঘাম মাটিত মিলাই
নীৰৱ বেদনাৰ বশৱৰ্তী তেওঁ,
কিন্তু নকয় কেতিয়াও সেইবোৰ,
কিজনিবা চিন্তাত সন্তানে সকলো পাহৰি তেওঁৰ
সুশ্ৰষাত লাগি যায় !
হৃদয় উজাৰী মৰম দৰ্শাই 
মাতৃ নামেই জীৱন গঙ্গা।।


🔴সুশান্ত দাস,শিৱসাগৰ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)