সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১) প্রশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী বুলি জনা যায়?
উত্তৰ : তেজপুৰ।
২) প্রশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নির্মাণ কৰিছিল?
উত্তৰ : ১৭৫১ চনত।
৩) প্রশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?
উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তােলা' অনুষ্ঠানৰ সুবিধার্থে দীঘলী পুখুৰীটো খন্দাইছিল।
৪) প্রশ্ন : সুমেৰু মহাদেশত উপস্থিত হােৱা প্ৰথম অসমীয়া বিজ্ঞানী জন কোন?
উত্তৰ : ৰাঘব চন্দ্ৰ ডেকা।
৫) প্রশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰা প্রথম জন অসমীয়া কোন?
উত্তৰ : ড° সত্যেন্দ্র নাথ শর্মা।
৬) প্রশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্রী লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ড° তিলােত্তমা গগৈ।
৭) প্রশ্ন :যােৰহাটত জন্ম গ্রহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট। তেখেত কোন বাৰু?
উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।
      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)