কিমান বিচিত্ৰ ভাৱবোধ জাগি উঠিলে এজন ব্যক্তিৰ সৃষ্টিৰ পথ মুকলি হয় , সেইকথা কোনোদিনে জনা নাছিলোঁ। হীৰেন ভট্টাচাৰ্যদেৱৰ মৃত্যুৰ দুদিন আগত মোৰ মনত মৃত্যুক লৈ এক আচৰিত ধাৰণাই খোপনি পুতিছিল। তেওঁৰ মৃত্যুৰ দিনা , জীৱনৰ প্ৰথমটো কবিতাৰ জন্ম হৈছিল ডায়েৰীৰ পাতত। তেওঁ মোৰ আদৰ্শ হৈ আছিল , হৈ আছে আৰু চিৰজীৱন থাকিব । তেওঁৰ ব্যক্তিত্ব , তেওঁৰ লিখন পদ্ধতিয়ে মোক বাৰুকৈ আকৰ্ষণ কৰে। তেওঁক লগ পোৱাৰ বিৰাট মন আছিল, কিন্তু সেই আশা পূৰণ নহ’ল। পঞ্চম শ্ৰেণীৰ পৰা কবিতা লিখিছিলো। মই ভাল বেয়া চোৱা নাছিলোঁ , মনত যি আহে তাকেই ডায়েৰী মেলি লৈ লিখি দিছিলোঁ। আজিও নাজানো কি লিখিছিলো বা কি লিখি আছো । মুঠতে ভাৱেই ৰূপ লৈ কবিতাৰ। যি ভাৱ আহে তাকেই ডায়েৰীত ৰাখি দিও সাঁচি। প্ৰথম কবিতা প্ৰকাশ হৈছিল আমাৰ বিদ্যালয়ৰ বছৰেকীয়া আলোচনী" নৱজ্যোতি" ত ।চিৰনমস্য, সদ্যপ্ৰিয় শিক্ষাগুৰু এজনৰ পবিত্ৰ স্মৃতিত লিখা এটি কবিতা দিছিলোঁ । বাইদেউসকলৰ প্ৰেৰণা আৰু উৎসাহে মোক সহায় কৰিছিল কলম সঞ্চালনত। তাৰপিছত পিতৃৰ কাৰ্যালয়ৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি হোৱা অধিৱেশনৰ বাবে লিখি দিছিলো এটি কবিতা। তাৰপিছত দুই তিনিটা কবিতা শিক্ষাগুৰুক উপহাৰ দিছিলো। এদিন স্নাতক মহলাৰ ছাত্ৰী হ’লো। প্ৰথমবাৰ মবাইল এটা হাতত ল’লো। দুটা লিখাৰ এপ পালোঁ গুগলত। তাত টাইপিং কৰি দি সহাঁৰি কিছু পাইছিলো। বহুজনে আলোচনী পেপাৰত দিবলৈ পৰামৰ্শ দিছিল মোৰ লেখাবোৰ। ভালকৈ গমি পিতি লৈ এদিন "কলংপাৰ" পেপাৰত দিলোঁ কবিতা এটা। প্ৰকাশ হওঁতে আনন্দই নধৰা হৈছিল মন। তাৰপিছত ক্ৰমে ই - আলোচনীবোৰত প্ৰকাশ হৈছিল কবিতাবোৰ। প্ৰথম ই - আলোচনীখন আছিল " অসমীয়া সাহিত্যৰ চানেকি", য’ত মোৰ প্ৰথম কবিতা প্ৰকাশ হৈছিল।বহুকেইখন ই - আলোচনীত বৰ্তমানো দি আছোঁ আৰু প্ৰকাশ হৈ আছে। গল্প , ৰস ৰচনা , প্ৰবন্ধ আদিও প্ৰকাশ হৈছে। দুখন ছপা আলোচনীতো লেখা ওলাল দুই এটা। এই সকলোবোৰতে মাৰ অৱদান অশেষ। ভিন্ন ঠাইৰ মানুহৰ ভিন্ন মন্তব্যৰে উৎসাহিত হৈ আজিলৈকে লিখি আছো আৰু আগলৈও লিখি যাব যেন পাৰো তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা।
- শতাব্দী শৰ্মা
নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ