কুলি-কেতেকীৰ মৌ-বৰষা গীতৰ অমিয়া ঝংকাৰ,
সেউজীয়াৰ অৱগুণ্ঠনেৰে বুঢ়া বিৰিখত চুলি মেলি কবিতা লিখা ন-কুঁহিপাত
নৃত্যৰত ভংগিমাৰে কজলা মেঘৰ শুকুলা ছায়াত বাজি উঠা সুখৰ চিফুং।
বহাগ মানেই বাপতিসাহোন ৰঙালী বিহুটি
আইৰ তাঁতশালত মাকোৰ খিটিৰ-খিটিৰ শব্দ,
পাহুৱাল বিহুৱা ডেকাৰ হাতৰ ছেওত আকাশ-বতাহ কঁপাই যোৱা ঢোলৰ গুমগুমনি
ম'হৰ শিঙৰ পেঁপাৰ টিহিটি,গগনাৰ গনগননি,সুতুলিৰ শুৱলা মাত।
বহাগ মানেই আমৰ মল,নাহৰ,তগৰ,আৰু কপৌফুলৰ তীব্ৰ সুবাস
কলডিলীয়া নেঘেৰি খোপাত কপৌফুল গুজি লৈ জাকি মাৰি ওলাই অহা বিহুৱতী নাচনীৰ জাক,
প্ৰিয়জনৰ ডিঙিত শোভিত প্ৰেয়সীৰ ভমকাফুলীয়া বিহুৱান
গাঁৱৰ চোতালত ৰাতি মূৰৰ চুলি ছিঙি দিয়া বিহুৰ আশীৰ্বাদ।
বহাগ মানেই বুকুত সাঁচি ৰখা প্ৰেমৰ স্ৰোতস্বিনী গতিৰ সেউজীয়া প্ৰতিশ্ৰুতি
আলফুলীয়া মনৰ গভীৰ কোণত গুঞ্জৰিত এটি মিঠা সুৰ,
নতুনত্বৰ উষ্ম আলিংগনেৰে সকলোৰে হৃদয় জিনা এক সঞ্জীৱনী হাঁহি
মৌনতা ভাঙি সাঁচতীয়া আবেগত ফুলি উঠা হেঁপাহৰ লয়লাস।
বহাগ মানেই সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰী
সহস্ৰ অসমীয়াৰ প্ৰাৰ্থনাৰ একাঁজলি আশীৰ্বাদ,
মুক্তিকামী নৱ আলোড়ণত সৃষ্টিৰ তত্ত্ব বিচৰা মৃন্ময় বতৰা
অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বৈ থকা এক জীয়া সুঁতি
বিশ্বদৰবাৰত অসমী আইক জিলিকাই ৰখা ত্ৰাণকৰ্তাৰ এটি উশাহ।
◾মাছুম আহমেদ
বিলাসীপাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ