মেঘাচ্ছন্ন আকাশ
মৰুভূমিৰ প্ৰান্তত অপেক্ষাৰত এটি ভাগৰুৱা সপোন
এজাক ধুমুহা
ধুমুহাত্তোৰ পঁজাত বিধস্ততাৰ বুৰঞ্জী
স্তৱক ২
এন্ধাৰ
মাজনিশাৰ শোৱাপাটিত
হৃদয়ৰ খিড়িকী মেলি অনুভৱে যেতিয়া ভিৰ কৰে
শব্দবোৰ হয় বাক্যহীন
এক অব্যক্ততা
স্তৱক ৩
এটি উন্মাদ নিশা
উজাগৰি উন্মাদনাত
ভয়াল কৰা কৰা এটি ক্ষণ
উচুপি উঠা কলিজাই
কঁপাই তুলিছে মোৰ শব্দৰ সীমান্ত
যেন এক
বিৰক্তিৰ শাণিত শেল
আৰু!
নেপথ্যত এটি শূন্য আকাশ!
◾জহিৰুল ইছলাম, গোৱালপাৰা
অশেষ ধন্যবাদ থাকিল
ReplyDelete