তুমি ভালে আছানে ?
আজি অত দিন-ৰাতি
বিছাৰি ফুৰিছোঁ তোমাৰ ঠিকনা ।
তোমাৰ মনত আছেনে...
যিদিনা আমাৰ মিলন হৈছিল ,
পৃথিৱীৰ সকলো সুখ যেন
আমাতে বিলীন হৈছিল।
কিন্তু আজি ,
সেই সুখ উটি ভাহি হেৰাই গ'ল
এটি নৰক সদৃশ জীৱন সৃষ্টি হ'ল।
সকলোৰে বাবে আজি মই
এজনী কুলক্ষণী যখিনী,
মোৰ বাবে শেষ হেনো
তোমাৰ মধুৰ জীৱনটি।
নিসংগতাই আজি মোৰ লগৰী।
ৰাতি মোৰ পদূলি
পিপাসুৰ অশ্লীল কথা-হাঁহিৰ কঁপনি।
কাৰণ এটাই ,
মই সিহঁতক বিক্ৰী কৰিব লাগে
মোৰ এই দেহটি ।
তুমি দেখিচানে ?
মোৰ ওপৰত চলা
নিৰ্মম ব্যৱহাৰ , গালি-শপনি ।
মাথোঁ এটাই কওঁ ,
য'তেই আছা ভালে থাকা ,
যদি পাৰা মোকো নিয়া ।
দুয়ো পুনৰ তেতিয়া
একেলগে থাকিম ,
হাঁহিম কোনোবা অচিন দেশত।
আজিলৈ সামৰো দিয়া ,
সদায় ভালে থাকা ।
তোমাৰ মৰমৰ...