প্ৰসংগঃ দিল্লীৰ জাহাঙ্গীৰ পুৰীত বুলডোজাৰ। অধিকাৰ নে অন্যায়?~ সাম্প্ৰতিকলেখা - হাফিজ বায়েজীদ বোস্তামী

©Admin
0
নতুন দিল্লীৰ জাহাঙ্গীৰ পুৰীত পুৱাৰভাগত সেই এলেকাৰ বাসিন্দা সকলক তেওঁলোকৰ দোকান, ষ্টল ধ্বংসকাৰী বুলডোজাৰৰ শব্দৱে টোপনীৰ পৰা জগাই তুলিছিল। ২৪ বছৰ বয়সীয়া বাসিন্দা চাবিনা বিবি নামক এজনী মহিলাই তাইৰ ঘৰৰ ওচৰত এটি বুলডোজাৰ দেখিবলৈ পায় আৰু তাৰ ধ্বংসযজ্ঞ কিমান ভয়াৱহ আছিল সেয়া পৰীক্ষা কৰিবলৈ ঘৰৰ পৰা বাহিৰত ওলায় । বাহিৰত ওলাই প্ৰত্যক্ষ কৰে যে, পান-চিগাৰেট বিক্রি কৰা সৰু দোকানটি ভাঙি পেলোৱা হৈছে। অথচ চাবিনাৰ আয়ৰ একমাত্র উৎসটি চিৰদিনৰ বাবে শেষ হৈ গৈছে।
       –নেচনেল হেৰল্ড অৱ ইণ্ডিয়া, মুছলিম টাইমছ।

     চাবিনাৰ ভাষ্য অনুসৰি, দোকান ধ্বংস কৰাৰ আগতে অন্তত আমাৰ মূল্যৱান সামগ্ৰীবোৰ গোটাই লোৱাৰ সতর্ক কৰাৰ প্ৰয়োজন আছিল, অথচ সেয়া নকৰিলে। আনকি কোনো পূর্ব বিজ্ঞপ্তিও পঠিওৱা নাছিল। যাৰ বাবে 'বুলডোজাৰৰ ৰাজনীতি' অথবা 'বুলডোজাৰ ৰাজ' হিচাপে সেই ঘটনাটি বহু চৰ্চিত হৈছিল। বিজেপি শাসিত ৰাজ্যবোৰত সাম্প্রদায়িক সহিংসতাত দোকান আৰু বাসগৃহত বুলডোজাৰৰ ব্যৱহাৰ বৰ্তমান সংখ্যালঘু মুছলমান সকলৰ বিৰুদ্ধে বিজেপিৰ প্রকাশ্য বৈষম্যৰ প্রতীক হৈ উঠিছে।

🔴 ধ্বংসযজ্ঞৰ ধাৰাবাহিকতা।

       বিজেপি নেতৃত্বাধীন চৰকাৰৰ উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী হিচাপে নিয়োজিত যোগী আদিত্যনাথৰ প্রথম কার্যকালৰ সময়, বুলডোজাৰবোৰ ব্যাপকভাৱে তথাকথিত 'অবৈধ' বাসগৃহ আৰু ব্যৱসায়বোৰ নিৰ্মূল কৰাৰ উদ্দেশ্যে ব্যৱহৃত হৈছিল। আদিত্যনাথে চৌদিশে দ্রুতগতিত "বুলডোজাৰ বাবা" বুলি বিখ্যাত হৈ পৰে। ঠিক একেটা বছৰতেই মধ্যপ্রদেশ আৰু গুজৰাটত তেওঁৰ প্রতিপক্ষই তাৰ পদাঙ্ক অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছিল, ঠিক তেনে এক সময়তেই এই ৰাজ্যবোৰত একেধৰণৰ ধ্বংসযজ্ঞ চলোৱা হয়। ২০ এপ্রিল জাহাঙ্গীৰপুৰীত ধ্বংস অভিযান, য'ত এটি মছজিদো ক্ষতিগ্রস্ত হৈছিল।

     চুপ্রিমকোর্টৰ স্থগিতাদেশ স্বত্বেও প্রায় তিনিঘন্টা ধ্বংসযজ্ঞ অব্যাহত আছিল। হিন্দু দেৱতা হনুমানৰ জন্ম উদযাপন, হনুমান জয়ন্তী সমাবেশৰ ১৬ এপ্রিল তাৰিখে সাম্প্রদায়িক সহিংসতাৰ ফলত যি ধ্বংসযজ্ঞৰ সূচনা হৈছিল, তাৰ ফলত অনেক পৰিয়ালক আয়হীন বেকাৰত্বত পৰিণত কৰিছিল। ১২ এপ্রিল হিন্দু দেৱতা ৰামৰ জন্ম উদযাপনত ৰাম নৱমী সমাবেশত যে সাম্প্রদায়িক সহিংসতাৰ আৰম্ভ হৈছিল ঠিক তাৰ দুদিন পাছত মধ্যপ্রদেশৰ খাৰগোন অঞ্চলত আন এটি ধ্বংস অভিযান চলোৱা হৈছিল। তাৰ পাছৰ মঙ্গলবাৰে নাগৰিক কর্তৃপক্ষ সকলে গুজৰাটৰ হিম্মতনগৰ চহৰত এটি ধ্বংস অভিযান আৰম্ভ কৰে, য'ত এই মাহৰ আৰম্ভণিত ৰাম নৱমী উদযাপনৰ সময়ত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হয়। ইয়াৰ পূৰ্বে ৰাম নৱমী উদযাপনৰ সময়চোৱাত খম্ভত চহৰত সহিংসতাৰ সৈতে জড়িত ব্যক্তিসকলৰ মালিকানাধীন বিল্ডিং অপসাৰণৰ বাবে প্রশাসন বুলডোজাৰ ব্যৱহাৰ কৰি বিল্ডিং ভঙাৰ অভিযান চলাইছিল। তিন ঘন্টাৰো কম সময়ৰ ব্যৱধানত জাহাঙ্গীৰপুৰী আৰু গুজৰাটৰ একাংশ দোকান বুলডোজাৰৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত কৰিছিল। ফলত ক্ষতিগ্রস্ত লোকসকলে বৰ্তমান ভিক্ষাৰীত পৰিণত হৈছে। ইয়াৰ আগতে খাৰগোনত প্রশাসনে প্রায় ১৬টা ঘৰ আৰু ২৯ খন দোকান ভাঙি তচনচ কৰিছিল। ২৪ এপ্রিল তাৰিখে, আম আদমি পার্টি (আপ) বিজেপিৰ "বুলডোজাৰ ৰাজনীতিৰ" বিৰুদ্ধে নতুন দিল্লীত পদযাত্রা কৰে আৰু জনগণক বিজেপিৰ গুণ্ডামীৰ প্ৰতি ভয় নকৰিবলৈ আহ্বান কৰে।

 🔴 আমি ভয় কৰিছিলো।

      ১৬ এপ্রিল সন্ধিয়া ইফতাৰৰ বাবে প্রায় ১০ মিনিট বাকী আছিল, তেতিয়া জাহাঙ্গীৰপুৰীৰ এটি মছজিদত হিন্দু জনতাই হঠাৎ হামলা চলায়। “তেওঁলোকে জয় শ্রীৰামৰ শ্ল'গান দি আকাশে বতাহে মুখৰিত কৰে। তেওঁলোকে মছজিদৰ দেৱাল আৰু খিৰিকিবোৰে ক্ষতিগ্রস্ত কৰিছে বুলি জনায় প্ৰত্যক্ষদৰ্শী ছাবিনাই। ছাবিনাই আৰু কয়, মুছলিম বাসিন্দা সকলে মছজিদৰ ক্ষতি সাধনক বাধা দিয়াত নাৰী-পুৰুষক মাৰধৰ কৰে। কেৱল সেয়াই নহয় শাসক পক্ষও তেওঁলোকৰ লগত আছিল। তেতিয়া ২৫ জনক গ্রেপ্তাৰ কৰা হয়, যাৰ বেছি সংখ্যকেই আছিল মুছলমান পুৰুষ। পাছত বিজেপি সহিংসতাৰ "অবৈধ অভিবাসী সকলৰ" ভূমিকাৰ তদন্তৰ দাবী তুলি অভিযোগ কৰি কয় যে, বাংলাদেশী আৰু ৰোহিঙ্গীয়া মুছলমান অভিবাসী সকলে সহিংসতাৰ আৰম্ভ কৰিছিল। 

     চাবিনাই আৰু কয়, ব্যৱসায় কৰি যিবোৰ আয়-উন্নতি হৈছিল, সেইবোৰক দি মোৰ দুজনী কন্যাক খুৱাইছিলোঁ। বৰ্তমান আমাৰ এনেকুৱা অৱস্থা হৈছে, কোনোবাই আমাক এসাজ খুৱাবনে? তাৰ বাবে বাট চাই থাকিবলগীয়া হয়। তেখেতে আৰু কয়, হামলাত তাইৰ ঘৰৰ দেৱাল সম্পূর্ণ ক্ষতিগ্রস্ত হৈছে। ভাৰতীয় মুছলমানৰ অন্যতম বৃহত্তম সামাজিক-ধর্মীয় সংগঠন জমিয়ত উলামা-ই-হিন্দ বিভিন্ন বিজেপি-শাসিত ৰাজ্যত ধ্বংসৰ বিৰুদ্ধে চুপ্রিমকোর্টত এটি পিটিশন দাখিল কৰে। জমিয়ত উলামা-ই-হিন্দৰ ছেক্রেটাৰী নিয়াজ ফাৰুকী মকতুবে কয়, মামলা সম্পূৰ্ণ চুপ্রিম কোর্টলৈ পৰ্যবেশিত হৈছে। কাৰণ সহিংহতা সঠিক পদ্ধতি অনুসৰণ কৰি ধ্বংস কৰা হোৱা নাই। মিউনিচিপল এক্টৰ অধীনত ভঙাৰ আগতে অন্তত জনগণক নটিচ পঠিওৱা উচিত আছিল। কিন্তু তেওঁলোকে সেয়া নকৰিলে। অনুভৱ হয় ই এটি সম্প্রদায়ক টার্গেটৰ স্পষ্ট ঘটনা। যেতিয়া প্রথম উপস্থিতিৰ অন্তত চুপ্রিমকোর্টে স্থগিতাদেশ জাৰি কৰে, তেতিয়া ফাৰুকীয়ে কয়, চুপ্রিমকোর্টৰ স্থিতাৱস্থা বজায় ৰখাৰ নির্দেশ দিছে ৯ মে'ত, যদিওঁ পৰৱর্তী শুনানীৰ বাবে বিষয়টি তালিকাভুক্ত কৰা হৈছে। আমাৰ লক্ষ্য হ'ল দাঙ্গা আৰু বুলডোজাৰ ব্যৱহাৰৰ মাধ্যমত সম্প্রদায়ক টার্গেট কৰা বন্ধ কৰা।

 🔴 এয়া অধিকাৰ নে অস্বীকাৰ?

     এমনেষ্টি ইন্টাৰনেচনেল ইণ্ডিয়াৰ চেয়াৰম্যান আকৰ পেটেলে কয়, ২০১৪ চনৰ পৰা ভাৰতীয় মুছলমান সকলৰ প্ৰতি লক্ষ্য কৰি এনে কিছুমান আইন নীতি আছে। কাশ্মীৰৰ পৰা গণতন্ত্র অপসাৰণ হওক অথবা কাৰাগাৰত থকা কাশ্মীৰি সকলৰ হেবিয়াছকর্পাচ প্রত্যাখ্যানেই হওঁক, মিডিয়া নীতি ২০২০-ৰ মাধ্যমত কাশ্মীৰি সকলৰ গণমাধ্যমৰ স্বাধীনতা অস্বীকাৰ কৰা হৈছে। ৰাজধানী অঞ্চলৰ মুছলমান সকলক নামাজত বাধা, তেওঁলোকৰ পৰা নামাজৰ বাবে পৰ্যাপ্ত ঠাই কাঢ়ি লোৱা হয়। সেয়া লাগিলে হিজাব নিষিদ্ধ হওক অথবা গৰু মাংস, যি কোনো কাৰণ আছে বুলি পেটেল মকতুবে উনুকিয়াই৷

    পেটেলে কৈছে, জাহাঙ্গীৰ পুৰীত এই ক্রিয়াটি মুছলিম এলেকাৰ জনতাক সৰিকায় লৈ বিজেপিৰ সহিংসতাৰ প্রচাৰৰ অনুসৰণ কৰা হৈছে। তেখেতে আৰু কয়, বিজেপি দিল্লীত কোনো ধৰনৰ আইনি অনুমোদন অবিহনেই এই পদক্ষেপ লৈছিল, আনকি চুপ্রিমকোর্টৰ স্থগিতাদেশকো অস্বীকাৰ কৰা হৈছিল। ধ্বংসৰ বৃহৎ প্রভাৱ হ'ল, যিসকলৰ সম্পত্তি ভাঙি চুৰমাৰ কৰা হৈছে, তেওঁলোকৰ ঘৰবাৰী আৰু সম্পত্তি অস্বীকাৰ কৰা। তেওঁলোকৰ নোটিচৰ জৱাব দিয়াৰ অধিকাৰ দিয়া হোৱা নাই। বুলডোজাৰ মাতাৰ পূৰ্বে তেওঁলোকৰ বিচাৰৰ কোনো সুযোগ দিয়া হোৱা নাই। মুছলমান সকলক ভয় দেখুৱা, হয়ৰানী আৰু নৃশংসতাৰ বাবে লক্ষ্য কৰা হৈছে বুলিও তেখেতে জনায়।

✍️হাফিজ বায়েজীদ বোস্তামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)