দিনবোৰ পুৰণি হ'ল-ৰুনু দেবী শৰ্মা

দিনবোৰ পুৰণি হ'ল 
সেইদিন বিজতৰীয়া হ'ল ,
ক'লৈ গ'ল বাৰু সেই দিনবোৰ ? 
ৰ'দ-বৰষুণ কাটি কৰি
সমনীয়াৰ লগত ঘূৰি ফুৰি
গছ-বনৰ তলত বহি , 
সেই দিনবোৰ ক'লৈ গ'ল ? 
কঁহুৱা কোমল ৰসেৰে চঞ্চলা হোৱা মন
অন্তহীন কৈশোৰৰ টোপোলাবোৰৰ ছবিবোৰ
আজি কালৰ সোঁতত হেৰাই গ'ল
সুন্দৰ সেউজীয়া গছ-গছনিবোৰ নোহোৱা হ'ল
কথাবোৰ আজি আওঁচেৰীয়া হ'ল
দিনবোৰ বিজতৰীয়া হ'ল , 
ককা-আজুককা , আইতাই কোৱা 
জোনাকত শুনা সাধুটো
আজি সাধু হৈ ৰ'ল
পৃথিবী নো কি ! 
মানুহ কাক কয় ?
মৰমনো কি ?
জীৱন মানেনো কি ?
নিচিনে সিহঁতে , 
পিতৃ-মাতৃ জন্ম-মৃত্যুৰ ৰহস্য
সুন্দৰ হাবি-বনবোৰ , মানুহবোৰ 
সন্তানবোৰ , 'মা-দেউতা' শব্দবোৰ 
হেৰাই গ'ল নেকি ?
'মা' শব্দটোৰ মায়াজাল অচিন হৈ ৰ'ল ! 
কথাবোৰ আজিচোন বিজতৰীয়া হ'ল !
পুৱাৰ পৰা গধূলিলৈ 
চৰাইৰ দৰে কুটা কঢ়িওৱা
চৰাইজনীক নিচিনা হ'ল
মেচিনত ঘঁহি ঘঁহি কেচা ঘামৰ টোপালৰ
হিচাপ নোহোৱা হ'ল। 
জীৱনৰ ব্যথিত বেদনাৰ চাপেৰে
সূর্য্যোদয়ে ঢাকি ৰখা 
ক'লা মেঘৰ চপৰালৈ চাই 
সূৰুযমুখী আশাবোৰ থমকি ৰ'ল । 
সেইদিন পুৰণি হ'ল
দিনবোৰ আজি বিজতৰীয়া হ'ল । 

ৰুনু দেবী শৰ্মা

Post a Comment

Previous Post Next Post