কাল সৰ্পৰ প্ৰতিশোধ~দেৱ দাস

©Admin
0
ইতিমধ্যে কেৱল আমাৰ গাঁওখনতেই নহয় ওচৰৰ গাঁও কেইখনলৈয়ো খবৰটো বনজুইৰ দৰে বিয়পি পৰিছিলেই। সেইদিনা আমাৰ ৰাতিপুৱা স্কুল আছিল। পিছদিনাৰ পৰা গৰম বন্ধ।আগ দিনা স্কুলত বিচিত্ৰানুষ্ঠান আছিল।আমি প্ৰায় তিনি কিলো মিটাৰ মান দূৰৈৰ হাইস্কুলৰ পৰা দহ বাৰজনীয়া ল'ৰা ছোৱালীৰ দলটোৱে ৰং তামাচা,চিঞৰ-বাখৰ কৰি খোজকাঢ়ি আহি আছিলোঁ। আমাৰ গাঁও পোৱাৰ আগেয়ে পোৱা কাছধৰা গাঁৱতে কোনোবাই কলে- ‘অখিলক সাপে খালে বেজ আহিছে, জৰাফুকা কৰি আছে, এতিয়াও চেতনা ঘূৰি অহা নাই ’। দৌৰা- দোৰিকৈ আহি ঘৰ পাই নাকে কানে দুটামান গুজি অখিলৰ মোমায়েক প্ৰফুল্ল বিশ্বাসহঁতৰ ঘৰ পালোঁগৈ। বহুত মানুহ । চিনাকি অচিনাকী মানুহে চোতাল ভৰি আছে । তাৰ মানে ঘটনাটো ঘটাৰ বহু সময় হ'ল। চাৰি পাঁচ ঘৰ মানুহৰ উমৈহতীয়া বহল চোতাল খনৰ মাজতে মাটিত ঢাৰি পাৰি অখিলক শুৱাই থৈছে।লক্ষী বাইদেউ অখিলৰ শিতানত বহি আউলি- বাউলী হৈ কান্দি আছে। বৰভগীয়াৰ ফুলচিং বেজে বিষল্যকৰণীৰে কোবাই কোবাই মন্ত্ৰ মাতি জাৰি আছিল।কাছধৰাৰ ধনেশ্বৰ বেজো আহি পাইছিল।ৰিক্সাত উঠাই জালুগুটি হস্পিটেলৰ ডাক্তৰ জনকো কোনোবাই লৈ আহিছিল। ‘এই বেপাৰে ডাকটাৰেৰ কি কাম, কে আনলো,লাগাও ডাকটাৰ আমি যাই ʼ বুলি এজন মানুহে বঙালীতে গৰগৰাই উঠিল। গম পোৱা গʼল সেইজনো মৰিগাঁওঁ ঔজাৰীৰ এজন বেজেই আছিল। আন এজন বেজে জাৰি থকাৰ মাজতেই ডাক্তৰে পালছ আৰু চকু চালে। “ এওঁৰ মৃত্যু হৈছে” বুলি লাহেকৈ কৈ বেগটো হাতত লৈ উঠি ৰিক্সা খনৰ ফালে আগবাঢ়িল। 
  “ সৰ্পদংশনৰ মানুহ ডাক্তৰী চিকিৎসাই ভাল কৰা কথা ক'ত শুনিছ?”
    “ বিষত তাল মাৰিহে আছে। ভাল বেজে পালে ভাল হৈ যাব”।
   “ তহঁত কিটা মায়ঙৰ ডম্বৰু বেজৰ তালৈ যা, হাতে ভৰিয়ে ধৰি হলেও লৈ আনিবি।”
   “ আচল বেজে খবৰ পালে নিজেই আহে ”
“নতুনকৈ বিয়া পতা মানুহ, সাপে লোৱা যোৰ ভাঙি বেয়া কৰিলে” ইত্যাদি, বিভিন্ন মানুহৰ বিভিন্ন মন্তব্য। 
  “ সেইটো সাপ নহয় কাল, কালনাগ,মোৰ দাৰা নহ'ব, অমুক গাঁৱৰ অমুক ওজাইহে পাৰে যদি পাৰিব , মোৰ গুৰু অমুক ওজাক খবৰ দিয়ক, ডাক্তৰক চুবলৈ দিব নেলাগিছিল ” আদি মন্তব্য কৰি বেজ ওজা বোৰে হাত চলাই, জৰাফুঁকা কৰি বিমুখ হৈ ওভতি গৈছে। কোনোবা আহি পাইছে, কোনোবা আহি পোৱা নাই।মায়ং ,মনহা,হাজো বিলাসীপাৰা,আনকি ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ ওচৰ পাঁজৰৰ পৰা বেজ ওজা আনিবলৈও মানুহ পঠাইছিল।
      নগাঁও-মৰিগাওঁ ঘাইপথৰ গাতে লাগি থকা ,আমাৰ গাঁও সাতগাওঁ। ইয়াৰ সোঁ-মাজেৰে মনিপুৰীয়া টুপ হৈ আঁহত গুৰিত ওলাব পৰা ৰাস্তাটো।এই পথেৰেই ন-খন্দা, ন-ভঙা, বেছাপতি , কুঁহিমাৰী, ভাটʼবড়ী , মনিপুৰীয়া টুপৰ মানুহ বোৰৰ বজাৰ-হাট, স্কুল,ডাক্তৰ খানা আদিলৈ অহা-যোৱা কৰা আৰু মটৰত উঠি কৰবালৈ অহা যোৱা কৰাৰ লগতে বৰভগীয়া মায়েঙীয়া, কাছধৰা, টকোনাবড়ী গুছৰাবড়ী আদি গাৱঁৰ মানুহে খেতি পথাৰলৈ যোৱা,মাছ মাৰিবলৈ যোৱাৰ একমাত্ৰ পথ। মুঠতে অঞ্চলটোৰ দুৱাৰ মূখ । ৰাস্তাটোৰ পূৱ ফালে অসমীয়া আৰু পশ্চিম ফালে মাছমৰীয়া বঙালী সম্প্ৰদায়ৰ লোকৰ বসতি। ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰা কেইবাজনো মানুহ গাওঁ খনত তেতিয়াও জীয়াই আছিল। ঘৰে বাহিৰেও অসমীয়া কোৱা , নাম ভাওনা, গুৰুজনাৰ তিথিৰ পৰা বিহুলৈকে সকলো অনুষ্ঠানতে অংশ গ্ৰহন কৰা বাঙালী মানুহ খিনি অসমীয়াত জীণ গৈছিল। 
     সেয়া পঞ্চাছ বছৰৰ আগৰ কথা। বঙালী অংশটোত দুঘৰ প্ৰতাপী ধনী মানুহ আছিল। এজন বিলৰ মহলদাৰ আৰু ওচৰৰ বিলৰ পৰা মাছ কিনি লামডিং ডিমাপুৰলৈ ৰেলেৰে পঠিয়াই ব্যৱসায় কৰা হৰি নাৰায়ণ বৰ্মণ। তেওঁৰ তেতিয়াৰ দিনতে এখন ফিছভান আৰু এখন ফাছকিলাছ (এম্বেচাদৰ) গাড়ী আছিল। আনজন কেইবাটাও মাছমৰীয়া দলৰ দলপতি, বিলৰ মহলদাৰ, জমিদাৰ, খেতিয়ক, ধান মৰাপাট আৰু মাছৰ ডাঙৰ ব্যৱসায়ী নীলমণি বিশ্বাস। দুয়োৰে মাজত প্ৰচণ্ড প্ৰতিযোগিতা আৰু শত্ৰুতাও বেছি আছিল।
    পশ্চিমবঙ্গৰ কোনোবা এখন গাঁৱৰ ল'ৰা অখিল বিশ্বাস। ওখ-পাখ, দেখনিয়াৰ, ধনী খেতিয়কৰ সন্তান । কলেজৰ কিবা পৰীক্ষাত বেয়া কৰি বাপেকৰ গালি হজম কৰিব নোৱাৰি আমাৰ গাঁৱত থকা মোমায়েকহঁতৰ ঘৰলৈ গুছি আহিছিল। নীলমণি বিশ্বাসৰ জীয়েক লক্ষীৰ লগত প্ৰেম হ'ল। কলিকতীয়া মাক-বাপেকলৈ অপেক্ষা নকৰি মহা ধুমধামেৰে বিয়াও পাতি পেলাইছিল। বিয়াৰ এসপ্তাহৰ পিছতে মাছ মৰীয়াৰ লগত মাৰি থাকোঁতে যোৰ লৈ থকা সাপ এটাৰ নেজত ধৰি ঘূৰাবলৈ লওঁতেই বাহুতে কামোৰি দিছিল। বাহুৰ ওপৰত ৰছীৰে বান্ধ এটাও দিব পৰা নগ'ল। দুয়োটা সাপকে মাৰি পেলাইছিল। দুই তিনি মাইল দূৰৈৰ পৰা দৌৰি আহি ঘৰ পাই মূৰ ঘূৰাই যোৱাত, বাৰাণ্ডাৰ মাটিতে ঢলি পৰিছিল। (আগলৈ)

✍️দেৱ দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)