ফেচবুকত মেছেঞ্জাৰ~চিন্ময় ডেকা

©Admin
0
দুদিন চিনাকী ফেচবুকৰ দুনিয়াত ভুমুকি মাৰোঁতেই পাওঁ নিতৌ দুই-তিনিটা ফ্ৰেণ্ড ৰিকুৱেষ্টৰ বন্ধুত্বৰ বিননি। বন্ধুত্ব যেতিয়া হ'লেই কত যে, মেছেঞ্জাৰত মুখ-চুপতি। কোনে পাৰে আৰু ধৰি ৰাখিব, ইফালে মাকে বাঢ়ি দিয়া ভাত গৰাহ খাবলৈ নাই তাহাঁতৰ আজৰি। আধুনিকতাই ৰূপ সলাই পেলালে বৰ্তমান সময়ৰ ল'ৰা-ছোৱালী। কণ-কণ শিশুসকলৰ পৰা বৃদ্ধালৈ, কি চাবা? ফেচবুকৰ বীৰত্ব অপৰিসীম তথাকথিত ৰাজত্বৰ কাহিনী। ক'ত, কি, কেতিয়া, কেনেদৰে, কোন দেশ-বিদেশ থকা ব্যক্তিৰ সৈতে যোগাযোগৰ হয় প্ৰয়োভৰ জীৱনত সুদৃঢ়, ভাবিলে আচৰিতেই লাগে। কিন্তু কি ক'ব আধুনিক টেকন'লজীৰ প্ৰযুক্তিগত অনলাইন ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটচ্এপ মাধ্যমটোৱে খৰতকীয়া গতিৰে বিশ্ব খনক এটি মাত্ৰ গোলকীয় গাঁৱলৈ ৰূপান্তৰিত কৰি পেলাইছে। এটি সময়ৰ ব্যৱধানত কিংৰিং কৈ অহা নটিফিকেচনটোৱে কাৰোবাৰ হয়টো জীৱনত আশাৰ এগছি বন্তি, আকাংক্ষা, উন্মাদনাৰে সৈতে অজস্র আনন্দ-বিষাদৰ চকুলো। কোনে ক'ব পাৰিব ই এক ক্ষুদ্ৰ পৰিসৰৰ সান্নিধ্য। য'ত নিহিত: থাকে বিৰল সমীক্ষাৰ অন্ততঃ জটিল অংক। 
       তাৰে, মাজতে মেছেঞ্জাৰত যুৱক-যুৱতীৰ মৌ-সনা প্ৰেম-পিৰীতিৰ ভাগ-বতৰাৰ ভিন্ন কথা। ৰং-তুলিকাৰে সজ্জিত ইমোজিৰ বাধ্য-বাধকতা। ক'ত কিমান ঈৰ্ষা, ইতিকিং; জীৱন ভৰ হয় ঘূণীয়া। এই পৃথিৱীত জানোঁছা পূৰ্বজন্মৰ পাপৰ ফল জানিব আপুনি এদিন হ'বগৈ নিশ্চিত।

✍️চিন্ময় ডেকা
টংলা, ওদালগুৰি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)