সাধাৰণ জ্ঞান-কুইজ

১) প্ৰশ্ন : অশোকৰ শিলালিপি আৰু তাম্ৰলিপি ভাৰতবৰ্ষৰ ৪৫ খন ঠাইত পোৱা গৈছে। এই শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ : প্ৰাকৃত।

২) প্ৰশ্ন : কোন ৰাজ বংশই শকাব্দৰ প্ৰ্চলন কৰিছিল?

উত্তৰ : কনিষ্ক।

৩) প্ৰশ্ন : সামৰিক অভিযানকাৰী আৰু বিজেতা হিচাপে খ্যাত গুপ্ত বংশৰ ৰজাজনৰ নাম কি?

উত্তৰ : সমুদ্ৰগুপ্ত।

৪) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ : গুপ্তযুগক।

৫) প্ৰশ্ন : গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ : অজন্তা গুহা চিত্ৰ।

৬) প্ৰশ্ন : ভাৰতবৰ্ষৰ প্ৰাচীনতম ৰাজবংশটো কি?

উত্তৰ : মৌৰ্যবংশ।

৭) প্ৰশ্ন : বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰ : দ্বিতীয় চন্দ্ৰগুপ্ত।

৮) প্ৰশ্ন : ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্ত:ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ : নালন্দা বিশ্ববিদ্যালয়।

৯) প্ৰশ্ন : ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়।

উত্তৰ : গুপ্তযুগক।

১০) প্ৰশ্ন : ইংলেন্দলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰষ্কাৰ দিছিল। পুৰষ্কাৰটো কি আছিল?

উত্তৰ : তেওঁক ‘ৰাজা’ উপাধি প্ৰ্দান কৰিছিল।

১১) প্ৰশ্ন : পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চিমহা, বিষ্ণু।

১২) প্ৰশ্ন : পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰ্তিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উত্তৰ : ৰজা গোপাল আৰু ৰাজধানী মুদগাগিৰিত প্ৰ্তিষ্ঠা কৰিছিল।

১৩) প্ৰশ্ন : কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল?

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৪৮৭।

১৪) প্ৰশ্ন : মহামতি আকবৰৰ ৰাজত্বকালত কোনে পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?

উত্তৰ : ৰাজা টডৰমল।

১৫) প্ৰশ্ন : ভাৰতত কেতিয়া বিক্ৰমী যুগ আৰম্ভ হয়।

উত্তৰ : খ্ৰীষ্টপূৰ্ব ৫৮।

১৬) প্ৰশ্ন : কোন শতিকাত সমুদ্ৰ্গুপ্তই ৰাজত্ব কৰিছিল?

উত্তৰ : চতুৰ্থ শতিকাত

১৭) প্ৰশ্ন : কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ : গুপ্ত বংশত।

১৮) প্ৰশ্ন : চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উত্তৰ : চেলিউকছ।

১৯) প্ৰশ্ন : গৌতম বুদ্ধই সৰ্বপ্ৰ্থম ধৰ্মোপদেশমূলক বক্তৃতা ক’ত প্ৰদান কৰিছিল।

উত্তৰ : সাৰনাথ।

২০) প্ৰশ্ন : ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাত অৰ্থাৎ ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ : বিন্দুসাৰ।


Post a Comment

Previous Post Next Post