চাৰিকুৰি পাঁচবছৰ
এগৰাকী বৃদ্ধাই কৈছোঁ;
মই হেনো এতিয়া পৰিয়ালৰ বোজা
সকলোৰে বাবে মই;
চকুৰ কুটা - দাঁতৰ শূল হৈ পৰিলোঁ
কিয়নো আজি মোৰ
মাতৃ হৃদয়ত কান্দোনৰ ৰোল;
চকুৰে চকুলো বৈ আহিছে...
নাজানো মই কি ভুল কৰিলোঁ!!
নে কৰ্মফল ভুগিছোঁ এই মৰতত...!
পুত্ৰ- বোৱাৰী, নাতি -নাতিনীৰ
মৰম বিচাৰি
আজি হাবাথুৰি খাইছোঁ,
এটি আন্ধাৰ কোঠাত
অকলে আছো কথাপাতি,
বিদেশত পঢ়োৱাই পুত্ৰ-বোৱাৰী আজি ডাক্তৰ ইঞ্জিনিয়াৰ হ'লি
ঠিকেই আছে, হ'ব দে
তহঁতৰ মংগল হওঁক, এয়াই কামনা!
তথাপিও আজি মই কিহৰ বাবে
বৃদ্ধাশ্ৰমত ভুগিছোঁ এই যন্ত্ৰনা...!!
সোণটোও এবাৰ ইয়ালৈ আহিবি...
মই পচাঁশীবছৰীয়া,
লাখুঁটিৰ ভৰত থিয় হৈ থকা
মোৰ সোঁতোৰা মুখখন চাবলৈ
বোৱাৰী- নাতিনীহঁতক লৈ এবাৰ
ইয়ালৈ আহিবি।
আশাত চেঁচা পানী পৰিল
টেলিফোনৰ বাৰ্তাই আনিলে
এক মৰ্মান্তিক বেদনা,
সেই চাৰিকুৰি পাঁচবছৰ বয়সৰ
বৃদ্ধ আইতা গৰাকী আৰু নাই....!!
সংস্কাৰ যদি নাথাকে ভাই
সমাজত মানুহ হোৱাৰ অৰ্থ নাই....!!
✍ অনিল বৰ্মন , নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ