জীৱনৰ পথেৰে আগবাঢ়িছোঁ
এটি কাঁইটীয়া বাটৰ মাজেৰে,
কেতিয়াবা পিছলি পৰিছোঁ
আকৌ কেতিয়াবা হামখুৰিও খাইছোঁ।
সপোনবোৰ হেৰাই যায়
আশাবোৰো ক্ষীণ হৈ ৰয়,
তথাপি কিন্তু নহ ওঁ মই ক্লান্ত
নহওঁ মই হতাশাগ্ৰস্ত।
এটি প্ৰৱল আশা
এটি ডাঙৰ সপোন
বুকুত বান্ধি খোজ দিওঁ কাঁইটীয়া বাটত।
আশাবোৰ আকৌ উজাই উঠে
সপোনবোৰেও ডেউকা মেলে,
জীৱন যুঁজত জয়ী হোৱাৰ মানসত
গৌৰৱৰ তীখাই কলি মেলাৰ হেঁপাহত।
এখোজ-দুখোজকৈ খুপি খুপি যাওঁ
এপাহি তেজাল গোলাপৰ আশাত
কাঁইটীয়া এটি পথৰ মাজেৰে,
কেতিয়াবা আকৌ কাঁইটে বৰ বেয়াকৈ বিন্ধে।
সিঁচি দিওঁ মনৰ সপোনবোৰ
এটি ধূঁলিয়ৰি বাটত।
তথাপি নেহেৰুৱাওঁ আশা,
ইচ্ছা মাথোঁ ৰক্ত গোলাপপাহি
এবাৰ স্পৰ্শ কৰা।
✍️ কল্পনা বৰা
Beautiful
ReplyDelete