আশা-হীৰক কলিতা

কত যে আশা , কত যে
হেঁপাহ কিন্তু বাস্তৱত সকলোৰে
পূৰণ হয়নে মনৰ আশা.....?
ব্যস্ততাৰ পৃথিৱীত বহুতো
দেখিছিলোঁ সপোন , বহুতো 
আছিল আশা কিন্তু সময়ৰ
সোঁতত সকলো হ'ল গৈ
নিৰাশা......!!
কল্পনাৰ জগতত আশাই
দেখুৱাই নানা সপোনৰ ৰং
কিন্তু বাস্তৱে দেখুৱাই কঙাল 
মোৰ জীৱনৰ ৰং.....!!
তথাপিও শেষ মূহুৰ্তলৈ বুকুত 
বান্ধি ৰাখিছো বহুতো আশা
কিজানি দূৰ দূৰণিৰ দেশতে
পূৰণ হ'ব মোৰ মনৰ আশা....!!

✍️ হীৰক কলিতা

Post a Comment

Previous Post Next Post