অকালতে মৰহিল ফুল-মিনাক্ষী দত্ত

©Admin
0
তোমাৰ সুহুৰিত মোৰ পদুলিত
নুফুলে আৰু ত্ৰিসন্ধ্যাৰ ফুল ।
জীৱন বীণাখনিত আঙুলি বুলালেও
নাবাজে আৰু অমিয়া সুৰ ।
নামাতে আৰু কাহানিও মোক
সুখত কিম্বা দুখত অ' ..মা ...
এইয়া সঁচাই অদৃশ্যজনৰ ইচ্ছা ..?
সুৰাৰ ৰাগীত মাতাল , সংস্কাৰ বিহীন
মানৱৰূপী দানৱক 
কোনে দিলে সেই অধিকাৰ !
মাতৃৰ বুকু উদং কৰি 
পুত্ৰৰ প্ৰাণ কাঢ়ি নিয়া ।
ঘৰলৈ আহা সোণ আবেলি পৰত
কিদৰে থাকিম সেইখিনি সময়ত ?
সেইযে কৈ গ'লা 'মা, মই যাঁও বুলি'
নাহিলা আৰু তুমি ঘৰলৈ উভতি ।
তোমাৰ নিথৰ দেহ তেজে তুম্‌ৰলি তুলি
কোনোবাই আনি দিলে মোৰ জীউ বুলি ।
তোমাৰ শেতেলি এৰি আছা শুই
চোতালৰ তুলসী তলত তুমি,
নিথৰ দেহ বগা কাপোৰেৰে ঢাকি ।
কিদৰে বিদায় দিও কেঁচা কলিজাক
মানি ল’বলৈ টান এইয়া যে নিয়তিৰ পৰিহাস ।
নুশুনো কাহানিও আৰু সন্ধিয়াপৰত
গোঁসাই ঘৰত তোমাৰ সান্ধ্য বন্দনা ।
জীউ তুমি য'তে আছা কুশলে থাকা !!!

✍️মিনাক্ষী দত্ত
ধেমাজি(মাছখোৱা) ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)