মাথোঁ এটি শব্দ-নাছিৰ আহমেদ

©Admin
0
মাথোঁ এটি শব্দ বিচাৰি
গোটেই বিশ্ব চলাথ কৰিলোঁ ।
মাথোঁ এটি শব্দ বিচাৰি
হিমালয়ৰ পাদদেশত জনজাতি নাৰীৰ উন্মুক্ত স্তনত মুখ গুজি দি পান কৰিলো দুগ্ধ-ধাৰা 
আফ্ৰিকাৰ নাৰীৰ এঙাৰ-নিমজ উজ্জ্বল দেহত
স্নেহৰ ফল্গুধাৰাত স্নান কৰি পাপ মোচন কৰিলোঁ ।
মাথোঁ এটি শব্দ বিচাৰি ।
চাহ গছৰ আঁৰে আঁৰে 
কেঁচা পাতৰ কঁপনি উঠে নাৰীৰ হাতৰ পৰশ লভি
নয়ন দুটিত পদুম ফুলে !
বোৰ্খা পৰিহিতা আৰবীয় নাৰীৰ বুকুত গোলাপৰ সুগন্ধি মোৰ প্ৰাণ কাঢ়ে !
এক-বস্ত্ৰা আৰ্য নাৰী দ্ৰৌপদীৰ সৰ্ব্ব শৰীৰত
দুৰ্যোধন-দুঃশাসনৰ বিষাক্ত দংশন
পঞ্চ-পাণ্ডৱৰ চকুত অসহায় কম্পন জাগে।

মাথোঁ এটি শব্দ বিচাৰি 
গোটেই বিশ্ব চলাথ কৰিলোঁ ;
 যি মমতাময়ী, স্নেহময়ী, ধৈৰ্য্যশীলা, গৰ্ভধাৰিণী , বিষাদ ৰাগিনী, আত্মত্যাগী , দুঃখ হাৰিণী ;
গোটেই বিশ্বত যাৰ একে ৰূপ, একে ভাৱনা
তাৰ নামেই হ'ল মা মা মা !!

( মাতৃ দিৱস উপলক্ষে)
✍️নাছিৰ আহমেদ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)