হিংসাই দগ্ধ কৰিছে আজিৰ সমাজ,
হাজাৰ হাজাৰ ৰক্তৰ
তেজাল নদীয়ে কৰিছে প্লাৱন
আজি সমগ্ৰ ধৰাধাম।
কেনেকৈনো জীয়াই থাকো বাৰু!
এতিয়াতো জগত অস্তিৰ
ধ্বংসৰ মূলত্ৰ এতিয়া
সমাজৰ সাৰ।
চাৰিওফালে দেখিছো এতিয়া
মৰিশালীৰ চিতা জুইৰ ধোৱাই
চানি ধৰা জগতখন
জীৱৰ দেখোন অস্তিত্বই নাই।
মাজৰাতি কোনোবাই উচুপি উঠিছে
টোপনি দোখোন দুচকুত নাই
অসমী আইৰ কান্দোনৰ ৰোলে
সকলোৰে হৰি নিছে
চকুৰ টোপনি ভাই।
মোৰ আইৰ চকুত চকুলো কিয় ?
আইৰ বুকু তেজেৰে ৰাঙলী বাবেই নেকি বাৰু?
অকালতে সুঠাম দেহাতো
বিদেশীক বেচি খালে
মোৰ আইৰ নিজস্ব গৰীমাবোধ
আজি আই দুৰ্ভগীয়া
হাত-ভৰি ভাঙি কোঁঙা কৰিলে
স্থান দিলে বিকলংগতাত।
সেয়ে আজি নিৰৱে দুচকুত
বেদনাৰ চকুলো লৈ আই উচুপি উঠিছে
নাই আজি আইক সান্তনা দিবলৈ
ভূমিপুত্ৰ কোনো।
সকলো শুলে ৰাজপাতৰ
কোমল গাদীখনৰ উম পাই
উদৰ পুৰাই বিলাসীতাৰ
মদিৰা পান কৰি দেহমন জুৰ পেলাই।
ছিঃ ধিক্কাৰ এনেকুৱা ভূমিপুত্ৰবোৰক
যিয়ে দেখিও চকুমুদা
কুলি হৈ পৰিছে এই জগতত
মাতৃৰ উচুপি শুনিও নুশুনাৰ ভাও যোৰে ।
আৰু কিমান!
উজাগৰী ৰাতি উচুপি থাকিব
আমাৰ আই জনী বেদনা ক্লান্ত হৃদয়খনিয়ে
যদি সচাঁকৈয়ে লাচিতৰ তেজ আছে
সিৰা-ধমনীবোৰত ভূমিপুত্ৰ সৱৰ গাত
যদি সচাঁকৈয়ে ৰসৰাজে কোৱাৰ দৰে
আমি খাৰখোৱা অসমীয়া
তেন্তে ওলাই আহা সকলো
একেলগে সম্প্ৰীতিৰ বান্ধো গঢ়ি
আৰু লগত আনা চেনেহৰ
চেলেংখনি বুকুত সাৱটি।
লোৱা সকলোৱে
এটি পণ চেনেহ সম্প্ৰীতিৰ
বান্ধোন সোলোক-ধোলক কৰিব খোজা
বিদেশী সকলক মষিমূৰ কৰিব পৰাকৈ
লাচিত ,চিলাৰায়, জ্যোতি, বিষ্ণু, খুদিৰাম, কনকলতা , মূলাগাৰু, কুশল কোঁৱৰ দৰে
তীক্ষ্ণ হেংদাঙ হাতত তুলি আৰু মৃত্যুৰ ৰৌন্দ্ৰ
তাণ্ডৱ কৰি কলংকবোৰ কৰিম মষিমূৰ বুলি
বৰলুইতৰ দুবাহুত নৱ উদ্যমেৰে
গঢ়িম আকৌ নতুন
সুকোমল ,সুৱদি ,সুৰীয়া শস্য শ্ৰামলা
জননী অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ