এক উজ্জ্বলিত জেউতি : শ্ৰী শ্ৰী মাধৱদেৱ-সুশান্ত দাস

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰেই মাধৱদেৱো আছিল বহুমুখী প্ৰতিভাৰ সম্পন্ন মহাপুৰুষ। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ অসমীয়া সমাজৰ এক সৰ্বজনবিদিত নাম। প্ৰতিজন অসমীয়াৰ অন্তৰত বাস কৰে শ্ৰীশ্ৰী মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱে শংকৰদেৱৰ সৈতে লগ হৈ অসমত ভক্তি-ধৰ্মৰ প্ৰসাৰ সাধন কৰিছিল আৰু জাতি,ধৰ্ম,বৰ্ণ, ভাষা নিৰ্বিশেষে এক একতাৰ ডোলেৰে অসমীয়া জাতিক বান্ধিছিল। মাধৱদেৱ আছিল এক জ্ঞানৰ আকৰ। শ্ৰীশ্ৰী মাধৱদেৱ আছিল একেধাৰে নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, অভিনেতা,গায়ক,বাদক ইত্যাদি। অসমীয়া সমাজক শ্ৰীকৃষ্ণৰ বাল্যকালৰ মহিমাৰ লগত চিনাকি কৰোৱাই দিয়া ব্যক্তিজনেই আছিল শ্ৰীশ্ৰী মাধৱদেৱ। শংকৰদেৱক অনুসৰণ কৰিয়েই তেখেতৰ আদৰ্শেৰে মাধৱদেৱে অসমীয়া জাতি গঢ়োতা সেঁতু নিৰ্মাণ কৰিছিল। অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত শংকৰদেৱৰ পিছতেই এইজনা ব্যক্তিয়ে স্থান লাভ কৰিছিল ।।মহাপুৰুষ মাধৱদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী শিষ্য । গুৰুজনাই তেওঁক ' বঢ়াৰ পো' বুলি সম্বোধন কৰিছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেধাৰে ধৰ্ম প্ৰচাৰক শাস্ত্ৰস্ৰষ্টা,সুগায়ক, কবি, নাট্যকাৰ আৰু গীতিকাৰ আছিল ।বৈষ্ণৱ ধৰ্মত শৰণ লোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্ত লোক আছিল । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্রত শংকৰদেৱৰ প্ৰধান সহায়ক আছিল মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱে গুৰুজনাৰ আদেশ লৈ গুৰু নিৰ্দেশিত ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত বিজয় নিচান উত্তোলন কৰিছিল । মহাপুৰুষ মাধৱদেৱকে মহাপুৰুষ শংকৰদেৱে অসমৰ নৱ বৈষ্ণৱ ধৰ্মৰ পৰৱৰ্তী গুৰু হিচাপে স্থান দিছিল ।বৈষ্ণৱ সাহিত্য সৃষ্টিৰ ক্ষেত্রত তেওঁৰ অৱদান আছিল অসামান্য । তেওঁৰ জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল গুৰুভক্তি।
  ১৪১১ শক অৰ্থাৎ ১৪৮৯ খৃষ্টাব্দত বৰ্তমান উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ অঞ্চলত কাচিকটা নৈৰ পাৰত হৰশিঙা বৰাৰ ঘৰত গোৱিন্দগিৰী ভূঞাৰ পত্নী মনোৰমাৰ গৰ্ভত মাধৱদেৱৰ জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা ।জন্মৰ পাছতে দৈৱজ্ঞই গণনা কৰোঁতে মাধৱদেৱৰ নামকৰণ কৰিলে ৰত্নাকৰ বুলি।
মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী। এই ঊৰ্বশীৰ স্বামীৰ নাম আছিল ৰাম দাস।
ৰংপুৰ জিলাত বাল্য শিক্ষা সম্পন্ন কৰে। লাহে লাহে ডাঙৰ-দীঘল হৈ মাধৱদেৱে লিখা-পঢ়া আৰম্ভ কৰে। মাধৱদেৱে কালক্ৰমত অনেক পুথি-পাজি অধ্যয়ন কৰি বিদ্যা অৰ্জন কৰিলে। তাৰপাছতেই ভনীয়েক উৰ্বশীক ৰামদাসলৈ বিয়া দিয়ে। ভনীয়েকক বিয়া দিয়া কিছুদিনৰ পাছত মাকক ভনীয়েক-ভনী জোঁৱায়েকৰ সৈতে থৈ মাধৱদেৱে পিতৃ গোবিন্দগিৰিৰ সৈতে পিতৃগৃহ বাণ্ডুকালৈ যায়। তাতে মাধৱদেৱে পিতৃ গোবিন্দগিৰিৰ প্ৰথম ভাৰ্য্যাৰ পুত্ৰ দামোদৰ অৰ্থাৎ ককায়েকক লগ পায়। এনেদৰেই বাণ্ডুকাতে মাধৱদেৱে বহুদিন থাকে আৰু তাতে তেওঁৰ পিতৃ গোবিন্দগিৰিৰ দেহাৱসান ঘটে। তাৰপাছতেই মাধৱদেৱে পিতৃৰ শ্ৰাদ্ধ কাৰ্য্য সম্পন্ন কৰি ককায়েক দামোদৰক বাণ্ডুকাতে এৰি মাতৃক চাবলৈ মাতৃৰ ওচৰলৈ গুচি আহে। আহি মাধৱদেৱে মাতৃক পিতৃ বিয়োগৰ দুখজনক বাৰ্তা দিয়ে আৰু মাধৱদেৱৰ মাতৃ মনোৰমা কান্দি-কাটি আউলি-বাউলি হয়। কিছুবছৰ মাকৰ লগত কটাই মাধৱদেৱ পুনৰ তেওঁৰ নিজৰ ভাগৰ বস্তু আনিবলৈ ককায়েক দামোদৰৰ কাষলৈ বাণ্ডুকালৈ গ’ল। তাত মাধৱদেৱে মজিন্দাৰী কামত নিযুক্ত হ’ল। কিন্তু হিচাপত খেলি-মেলি কৰাৰ বাবে ককায়েক দামোদৰে মাধৱদেৱক তিৰস্কাৰ কৰি কামৰ পৰা উলিয়াই দিলে। তাৰপাছতেই মাধৱদেৱে ককায়েকক পৈত্রিক সম্পত্তিৰ ভাগ খুজি ঘৰলৈ আহিবলৈ ওলাল। ককায়েক দামোদৰে মাধৱদেৱক পৈত্রিক সম্পত্তিৰ ভাগ দিয়াৰ পাছতে তেওঁ পুনৰ ককায়েকক সেইখিনি ঘূৰাই দি মাতৃৰ ওচৰলৈ উভতি আহিবলৈ লয়। কিন্তু আহোঁতে বাটতে মাধৱদেৱৰ বৰগ্রহনী ৰোগে ধৰাত ককায়েকে পুনৰ মাধৱদেৱক ঘৰলৈ উভতাই নি সেৱা-শুশ্ৰূষা কৰি সুস্থ কৰিলে। সুস্থ হোৱাৰ পাছত মাধৱদেৱ ঘৰলৈ উভতি আহে। মাধৱদেৱ ঘৰলৈ উভতি আহোঁতে বাটত বাতৰি পালে যে মাকৰ টান নৰীয়া। সেইবুলি গম পাই মাধৱদেৱে গোসাঁনী পূজাত দিবলৈ এযোৰ বগা পঠা দিবলৈ আগ কৰিলে। কিন্তু ঘৰলৈ আহি দেখিলে যে মাকৰ নৰীয়া ইতিমধ্যে ভাল হৈছে। তাৰ কিছুদিনৰ পাছতেই গোসাঁনী পূজাৰ সময় সমাগত হোৱাত মাধৱদেৱে ৰামদাসক টকা-সিকা দি বলি দিবৰ নিমিত্তে এযোৰ পঠা আনিবলৈ ক’লে। কিন্তু ৰামদাসে মাধৱদেৱক পঠা আনি নিদিলে আৰু ক’লে যে জীৱহত্যা কৰিব নাপায়। জীৱহত্যা কৰিলে নিজে নৰকত পৰিবা। তেতিয়া মাধৱদেৱ আৰু ৰামদাসৰ মাজত তৰ্কসদৃশ পৰিৱেশৰ সৃষ্টি হ’ল আৰু ৰামদাসে ক’লে যে কাইলৈ পুৱা ওলাবা আমি দুয়ো শংকৰদেৱৰ ওচৰলৈ যাম। আৰু তেওঁ তোমাক সকলোৰে সাৰমৰ্ম বুজাই দিব। পাছদিনা শংকৰদেৱৰ ওচৰলৈ দুয়ো  গৈ পোৱাত ৰামদাসে শংকৰদেৱৰ ওচৰত মাধৱদেৱক পৰিচয় কৰাই দিলে আৰু সম্পূৰ্ণ বিৱৰণ দিলে। তাৰপাছতেই ধোঁৱাহাট বেলগুৰিত শংকৰদেৱ আৰু মাধৱদেৱৰ তৰ্কযুদ্ধ আৰম্ভ হ’ল আৰু বেলি পৰালৈকে তৰ্কযুদ্ধ চলিল। শেষত,শংকৰদেৱে তৰুমুল শ্লোকৰ দ্বাৰা তৰ্কযুদ্ধৰ অন্ত পেলালে। আৰু মাধৱদেৱে শংকৰদেৱক গুৰু মানি তেখেতৰ ভৰিত চুলে। এই শংকৰ-মাধৱৰ মিলনেই হ’ল বিখ্যাত মণিকাঞ্চন সংযোগ। 
১৫২২ চনত শাক্ত মাধৱদেৱ বেলগুৰিত বৈষ্ণৱ শংকৰদেৱৰ সংস্পৰ্শ লৈ আহি তেওঁ উগ্র বৈষ্ণৱ হয়।
১৫৪৬ চনত শংকৰদেৱে আহোম ৰাজ্য এৰি নৰনাৰায়ণৰ কামৰূপ ৰাজ্য লৈ যাওঁতে মাধৱদেৱো তেওঁৰ লগতে যায়।মাধৱদেৱে বৰপেটা অঞ্চল পাই পোনতে বাৰাদিত ৰয় পিছত গণককুছিত ঘৰ এৰি লৈ তাৰপৰা শংকৰদেৱৰ থানলৈ অহা যোৱা কৰি থাকে। শংকৰদেৱৰ দৰে তেওঁ আদিকাণ্ড ৰামায়ণ, প্ৰায়খিনি বৰগীত আৰু ভটিমা, ভক্তি ৰত্নাৱলীৰ কিছু অংশ আৰু 'অৰ্জুন ভঞ্জন ',চোৰ ধৰা', 'নামঘোষা', 'পিম্পৰা গুচোৱা', 'ভোজন বিহাৰ', 'কোটোৰা খেলা' আদিকৈ কেবাখনো নাট ৰচনা কৰি অসমীয়া ধৰ্মীয় জীৱন প্ৰণয়ন কৰি থৈ গৈছে । তেওঁৰ শ্ৰেষ্ঠ কৃতি হ'ল 'নামঘোষা' । মাধৱদেৱৰ দ্বাৰা স্থাপিত সত্ৰ হ'ল বৰপেটা আৰু সুন্দৰীদিয়া ।
শংকৰদেৱৰ দ্বিতীয়বাৰ পুৰী ভ্রমণৰ সময়ত তেওঁ প্ৰধান সংগী আছিল ।১৫৬৮ চনত এওঁৰ ওপৰত পন্থাৰ সৰ্বভাৰ দি শংকৰদেৱ বৈকুণ্ঠী হয়।
কোচবিহাৰত তেওঁ 'ৰাজসূয় কাব্য, নামঘোষা ৰচনা সম্পূর্ণ কৰে আৰু ' নাম মালিকা' গ্ৰন্থ ভাঙনি কৰে ।চৰিতপুথিত মাধৱদেৱে 'নৃসিংহ যাত্ৰা', 'গোৱৰ্দ্ধন যাত্ৰা' আৰু 'ৰাম যাত্ৰা' নামে তিনিখন নাট ৰচনা কৰি অভিনয় কৰি দেখুৱাইছিল ।মাধৱ দেৱে কোচবিহাৰত ' ৰাজসূয় ' কাব্য আৰু ' নামঘোষা ' ৰচনা সম্পূর্ণ কৰি 'নাম মালিকা ' গ্ৰন্থ ভাঙনি কৰিছিল ।ইয়াৰ দ্বাৰা চৰিত্ৰ পুথিৰ পৰা জানিব পাৰি যে মাধৱদেৱে ' নৃসিংহ যাত্ৰা ', ' গোৱৰ্দ্ধন যাত্ৰা 'আৰু ' ৰাসযাত্ৰা ' নামেৰে তিনিখন নাটক ৰচনা কৰিছিল কিন্তু এইবোৰ এতিয়া পোৱা নাযায় ।
শংকৰদেৱৰ দৰে মাধৱদেৱ ৰচিত গীতসমুহ দুই ভাগত ভগাব পাৰি - বৰগীত আৰু ভটিমা ।
মাধৱদেৱে ৰচিত বৰগীত আৰু ভটিমাসমূহ অসমীয়া সাহিত্যৰ অপুৰুগীয়া সম্পত্তি । শংকৰদেৱ ৰচিত গীতসমূহ কমলা বায়ন নামে এজন ভকতে আওৰাব নিওঁতে সেই পুথি বনপোৰা জুয়ে পোৰাত পোৰা গ'ল নিমিত্তে শংকৰদেৱ আৰু পুনৰাই ৰচনা নকৰোঁ বুলি মাধৱদেৱক ৰচিবলৈ দিছিল । মাধৱদেৱে শংকৰদেৱৰ চৌত্ৰিশটি আৰু নিজে ১৫৭ টা গীত ৰচনা কৰিছিল ।মাধৱদেৱৰ বৰগীতসমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পৰ্শী । শ্ৰীকৃষ্ণ শিশু চৰিত্র বিভিন্ন কাৰ্যকলাপৰ মনোৰমা বৰ্ণনা কৰা আছে ।
 মাধৱদেৱৰ সাহিত্যক জীৱনৰ শ্ৰেষ্ঠ নামঘোষা। নামঘোষাত এহেজাৰ ঘোষা থকাৰ বাবে ইয়াক হেজাৰী ঘোষা বোলা হয়।নামঘোষা মাধৱদেৱৰ জীৱনৰ শেষ বয়ষত ৰচনা কৰিছিল । ডক্তৰ কাকতিদেৱৰ নামঘোষাকে মাধৱদেৱৰ মহাপ্ৰাস্থনিক গীত বুলি আখ্যা দিছিল । কাকতিদেৱে প্ৰসংগত লেখিছে যে -" নামঘোষাত তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে - পূণ্য শ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য ।
মাধৱদেৱৰ সাহিত্য, ৰচনা, নাটকত বিশেষকৈ যশোদা আৰু শ্ৰীকৃষ্ণৰ চৰিত্রৰ যোগেদি নিভাঁজ বাস্তৱতাৰ চিত্ৰ, মানৱ শিশুৰ সকলো লক্ষণ সুন্দৰভাৱে প্ৰকাশ পোৱা দেখা যায়। তেওঁ সাহিত্যত অন্তৰৰ তীব্র অনুভূতি প্ৰকাশত মাধৱদেৱে অপূৰ্ব দক্ষতাৰ পৰিচয় বৰ্ণনা পোৱা যায়। 

মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ অসমৰ জাতীয় জীৱনৰ এটি নজহা-নপমা বৰ্ণাঢ্য চৰিত্ৰ। প্রায় ৪৭ বছৰ কাল সূর্যসম শংকৰদেৱৰ নিবিড় সাহচর্য লাভ কৰি শংকৰদেৱৰ সামগ্রিক সত্তাৰে প্ৰভাৱিত হৈও মাধৱদেৱ আছিল আপোন চৰিত্ৰৰ গুণেৰে একক। মাধৱদেৱৰ চৰিত্ৰৰ মাধুৰ্য আৰু প্ৰতিভাৰ বৈচিত্র্যৰ প্ৰভাৱতে শংকৰদেৱে আৰম্ভ কৰা ভক্তি-আন্দোলনে অসমত দৃঢ় খোপনি পুতিবলৈ সক্ষম হৈছিল, অগণিত আপামৰ জনতা ভক্তি আন্দোলনৰ সোঁতত বিলীন হৈ গৈছিল।

মাধৱদেৱৰ প্ৰতিভা আছিল বিস্ময়কৰ। মাধৱদেৱ কি নাছিল? তত্ত্বদর্শী, সুপণ্ডিত, কলাকাৰ, ধৰ্মগুৰু, ধৰ্মপ্ৰচাৰক, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্য-পাৰংগত, নৃত্য ৰচোতা, নৰ্তক, নাট্যকাৰ, নাট-পৰিচালক, অভিনেতা, কবি, অনুবাদক, পৰম ভক্ত, সুসংগঠক, সেৱক আদি অলেখ গুণেৰে মূৰ্তিমান আছিল মাধৱদেৱ। শংকৰদেৱৰ ক্ষেত্ৰত সততে দৃষ্টিগোচৰ নোহোৱা অতিৰিক্ত এক প্রতিভাও মাধৱদেৱে বহন কৰিছিল। সেয়া হ’ল – ঠাইতে গীত ৰচি সুৰ দি গাব পৰা ক্ষমতা। তদুপৰি মাধৱদেৱ ইমানেই সুশ্ৰী আছিল আৰু তেওঁৰ স্বাস্থ্য ইমানেই মজবুত আছিল যে প্রায় আশী বছৰ বয়সত সুন্দৰীদিয়ালৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ যাওঁতে তাৰ সুন্দৰীসকল মাধৱদেৱৰ ৰূপত ভোল গৈছিল। তেওঁলোকে সাজি-কাচি চিৰকুমাৰ গুৰুজনাৰ ওচৰলৈ যাওঁতে গুৰুজনাই বৰ অস্বস্তি অনুভৱ কৰিছিল।

নক’লেও হয় যে শংকৰদেৱৰ সান্নিধ্য লভাৰ পিছতহে মাধৱদেৱৰ বিশাল প্রতিভা বিচ্ছুৰিত হৈছিল; অথচ বেছিভাগ কাৰ্যতে মাধৱদেৱে শংকৰদেৱক অনুকৰণ কৰা নাছিল। শংকৰদেৱে গুৰি ধৰা একেটা ভক্তি-আন্দোলনকে মাধৱদেৱে গতিময়তা দান কৰিছিল যদিও মাধৱদেৱৰ চিন্তা আৰু সৃষ্টিৰ প্ৰতিটো দিশতে ফুটি উঠিছিল মৌলিকত্ব। দুটামান উদাহৰণ দিয়া যাওক।

শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনাই নাট ৰচনা কৰিছিল। শংকৰদেৱৰ নাটবোৰক অংকীয়া নাট আৰু মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বুলি কোৱা হয়। ঝুমুৰাবোৰৰ নাট্যৰীতি অংকীয়া নাটৰ লগততো নিমিলেই, আনকি সেই সময়ৰ প্রচলিত কোনো লোকনাটৰ লগতে ঝুমুৰাবোৰৰ মিল নই। সেইদৰে, শংকৰদেৱ বিৰচিত বৰগীতবোৰতকৈ মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ ভাব-ভাষা-সুৰ যথেষ্ট পৃথক। শংকৰদেৱৰ শ্রেষ্ঠতম কীর্তি ‘কীর্তন-ঘোষা’ৰ লগত মাধৱদেৱৰ শ্রেষ্ঠতম কীর্তি ‘নামঘোষাৰ’ভাষা, সুৰ-ছন্দ একেবাৰেই নিমিলে। বৰপেটাত মাধৱদেৱে সাজি উলিওৱা ‘ৰঙিয়াল গৃহ’আৰু এই গৃহত সৃষ্টি কৰা ছালি নাচো মাধৱদেৱৰ মৌলিক সৃষ্টিৰ আন এটা উদাহৰণ। উল্লেখ্য যে মাধৱদেৱৰ সৃষ্টিকৰ্মৰ মৌলিকতা শংকৰদেৱৰো দৃষ্টিগোচৰ হৈছিল । তাৰ প্ৰমাণ হ’ল – মাধৱদেৱৰ কবিত্ব গুণৰ উচ্চ প্রশংসা কৰি শংকৰদেৱে এবাৰ কৈছিল ‘আমি বঢ়াবহে পাৰো, টুটাব নোৱাৰো। তুমি ৰস্ব দীর্ঘ সবে পাৰা দহো।’

বিশাল সৃষ্টি-সম্ভাৰেৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক সমৃদ্ধ কৰা মাধৱদেৱৰ জীৱন কোনেকালে মসৃণ অথবা পীড়াহীন নাছিল। শৈশৱৰে পৰা কঠোৰ জীৱন সংগ্ৰামৰ মুখামুখি হৈছিল মাধৱদেৱ। আর্থিক অনাটন আৰু দুখ-বেদনাৰে ভাৰাক্ৰান্ত মাধৱে কিশোৰ অৱস্থাত আনকি ভিক্ষা কৰি আৰু বনৰীয়া লাও খায়ো জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। পূর্ণ বয়সত ধৰ্ম প্ৰচাৰৰ বাটতো খলুৱাৰ খল আৰু দুর্বৃত্তৰ অত্যাচাৰত বিঘ্নিত হৈছিল মাধৱদেৱৰ অভিযান।

মাধৱদেৱৰ ব্যক্তিত্ব আৰু সাধনাৰ দুটামান দিশ সৰ্বকালৰ বাবে আৰু সৰ্বলোকৰ বাবে গ্রহণীয় তথা পৰিক্ষণীয় হ’ব পাৰে। চৰিত্ৰৰ দৃঢ়তা আৰু নিৰ্মলতা, প্রচণ্ড মানসিক শক্তি, জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী, বিচক্ষণতা, দূৰদৰ্শিতা, কঠোৰ পৰিশ্ৰম-ক্ষমতা আদি চাৰিত্রিক বৈশিষ্ট্যই ঘাত-প্রতিঘাতেৰে বিধ্বস্ত মাধৱদেৱক দুর্বিষহ জীৱনৰ পৰা শিৰ পোন কৰি ওলাই আহিবলৈ সামর্থ্য প্ৰদান কৰিছিল৷ মাধৱদেৱৰ এই বিশেষ গুণবোৰে যুগে যুগে মানুহক ভূমিৰ পৰা ভূমালৈ চোৱাৰ প্ৰেৰণা যোগাই থাকিব। মাধৱদেৱৰ আত্মলঘিমায়ো (যথাঃ ‘দাসৰো দাস তান দাস ভৈলো আমি।’) মানুহক তেৰাৰ প্রতি শ্রদ্ধাশীল আৰু কৌতূহলী কৰি ৰাখিব চিৰকাল।

অসমীয়াৰ মনোজগতত নামঘোষাৰ আবেদন কিমান গভীৰ আৰু উচ্চ পৰ্যায়ৰ তাৰ উল্লেখৰ প্ৰয়োজন নাই। এহাজাৰ ঘোষাৰে সমৃদ্ধ এই গ্ৰন্থখনৰ মাথোঁ তিনিফাকি ঘোষাক আমি আমাৰ ক্ষুদ্ৰ চিন্তাৰে শ্ৰেষ্ঠতম ঘোষা হিচাপে বিবেচনা কৰো। এই তিনিফাকি ঘোষা হ’ল-

‘অধমে কেৱল দোষ লৱয় মধ্যমে গুণ
দোষ লৱে কৰিয়া বিচাৰ।
উত্তমে কেৱল গুণ লৱয় উত্তমোত্তমে
অল্প গুণ কৰয় বিস্তাৰ।।’
‘দাস হুয়া তযু সেৱা নকৰিলো
ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।’
‘আন যত সবে মিছা ভক্তিৰ অভাৱে।’

আমাৰ বিবেচনাত মাথোঁ এই তিনি ফাকি পদেই মানুহক গোটেই জীৱন জুৰি নিৰ্ভুল পথ নির্দেশনা দিব পাৰে ৷ আমি যদি সঁচা অৰ্থত পৃথিৱীখনৰ মংগল কামনা কৰো তেন্তে এইক্ষেত্ৰত আমাৰ বিচাৰ কি পৰ্যায়ৰ হোৱা উচিত সেই কথা মাধৱদেৱে ‘অধমে কেৱল দোষ’ঘোষাফাকিত প্রকাশ কৰিছে। বিস্তাৰ নিষ্প্রয়োজন। একাংশ সমালোচকৰ মতে, মাধৱদেৱে আন একো ৰচনা নকৰি কেৱল নামঘোষাখন ৰচনা কৰিয়েই অসমীয়া সাহিত্যত অমৰ হৈ থাকিলহেঁতেন। সন্ত বিনোৱা ভাৱেই আৰু এখোপ ওপৰলৈ গৈ কৈছে যে মাধৱদেৱে আন একো নিলিখি যদি ‘অধমে কেৱল দোষ’ ঘোষাফাকি লিখিয়েই বহি থাকিলহেঁতেন তথাপি তেওঁ মহাপুৰুষ হ’লহেঁতেন, কিয়নো ইয়াতই নিহিত হৈ আছে সমগ্ৰ মানৱৰ বিচাৰ-বিপ্লৱৰ বীজ।

আমি আমাৰ দৈনিক কর্ম-সেৱা ঠিকমতে কৰিছোনে? আমি শিক্ষকসকলে শ্রেণীত পাঠদান নকৰো, কৰ্মচাৰীসকলে অফিচত কাম নকৰি হামিয়াই-হিকতিয়াই বহি থাকো, দিন-হাজিৰা কৰাসকলে গৰাকীৰ চকুত ধূলি ছটিয়াই সময় কটাওঁ। আমাৰ বাবেই মহাপুৰুষজনাই লিখিছে— ‘দাস হুয়া তযু সেৱা নকৰিলো, ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।’

শ্ৰদ্ধা আৰু ভক্তি অবিহনে কোনো কার্যতে সাফল্য লভা সম্ভৱ নহয়, সি যিমানেই সৰু কাম নহওক কিয়। প্ৰকৃততে, কাৰ্য এটাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ লগত আমাৰ মনটোৰ নিবিড় সম্পর্ক আছে। আপুনি যদি সুস্বাস্থ্যৰ গৰাকী হ’ব খুজিছে, তেন্তে স্বাস্থ্য লাভৰ প্ৰক্ৰিয়াবোৰো আপুনি ভক্তিসহকাৰে পালন কৰিব লাগিব। এই প্রসংগতে বুদ্ধিজীৱী জন ষ্টুৱাৰ্ড ব্লেকিয়ে কৈছে— ‘মাত্ৰ পেটটো ভৰাই থাকিলেই স্বাস্থ্য ৰক্ষা নহয়। … দৃঢ় মানসিক শক্তিৰ নিয়ন্ত্ৰণ অবিহনে শৰীৰটো নিৰাপদে বহুদিনলৈ চলিব নোৱাৰে। সেইবাবে স্বাস্থ্যৱান হ’ব খুজিলে সৎ হ’ব লাগে আৰু সৎ হ’ব খুজিঁলে সুবিবেচক হ’ব লাগে; সুবিবেচক হ’ব খুজিলে ধৰ্মপৰায়ণ আৰু শ্ৰদ্ধাশীল হ’ব লাগে। কাৰণ ভগৱৎ ভক্তিয়েই হ’ল জ্ঞানৰ সূচনা।‘ আমাৰ মাধৱদেৱে ৪০০ বছৰ পূৰ্বেই শিকাই থৈ গ’ল— ‘আন যত সবে মিছা ভক্তিৰ অভাৱে।’

মহাপুৰুষ শংকৰদেৱৰ দৰে মহাপুৰুষ মাধৱদেৱেও তেৰাৰ বৰ্ণাঢ্য অৱদানেৰে অসমীয়া জাতিক চিৰকালৰ বাবে ধন্য কৰি গ’ল। মাধৱদেৱৰ মহাজীৱনে প্ৰকাশ কৰি গ’ল দেহ-মন-উৎসর্গীকৃত সেৱকৰ এক মহান চৰিত্ৰ। মানৱজাতিক শিকাই থৈ গ’ল মাধৱদেৱে—– আমাক নেতা আৰু গুৰুৰ যিমান প্রয়োজন, তাতোকৈ হাজাৰ গুণে বেছি প্রয়োজন ভণ্ডামি আৰু আত্মশ্লাঘাৰ সিটো পাৰে থকা সঁচা সেৱকৰ। 
মহাপুৰুষ মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটে। 
   শ্ৰীশ্ৰী মাধৱদেৱ অসমীয়া সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মাধৱদেৱৰ অবিহনে অসমীয়া জাতি আধৰুৱা। আৰু মৰাপুৰুষ শংকৰদেৱো মাধৱদেৱৰ অবিহনে আধৰুৱা হৈ থাকি গ’লহেতেন। শংকৰ-মাধৱৰ মিলনৰ ফলত অসম তথা অসমীয়াৰ জনজীৱনত এক প্ৰাণৰ সঞ্চাৰ ঘটিল। মাধৱদেৱ আছিল শংকৰদেৱৰ প্রিয় শিষ্য। গুৰুভক্তি কেনেকৈ কৰিব লাগে সেইয়া সকলোৱে শ্ৰীশ্ৰী মাধৱদেৱৰ দ্বাৰা শিকা উচিত। তেওঁ ইমান বিজ্ঞ, বিদ্বান হৈও কিন্তু নিজৰ গুৰুক কেতিয়াও অৱজ্ঞা কৰা নাছিল আৰু গুৰুবাক্য সদায় মানিছিল। অসমীয়া সমাজ জীৱন থাকে মানে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ নামো চিৰদিনলৈ প্ৰবাহিত হৈ যাব।।

সুশান্ত দাস

Post a Comment

Previous Post Next Post