কাৰোবাৰ কণ্ঠৰ একোটি শব্দত,
তাই নিজক হেৰুৱাই পেলাইছিল ।
এটি গুণ গুণ সুৰৰ বান্ধোনত
সোমাই পৰিছিল তাই জনী,
কাৰোবাৰ উচ্ছ্বাস ভৰা এহাল চকু,
তেজৰ শিৰাই শিৰাই
বোৱাই পেলাইছিল তাই।।
তাই অনুভৱ কৰিছিল....
তাই কাৰোবাৰ প্রতি দুৰ্বল,
এক সলাজ আকৰ্ষণে তাইক,
প্রতি মুহূৰ্ততে তেওঁৰ কথাই
আৱৰি ৰাখিছিল।
এইয়া এক প্ৰেমৰ অনুৰণন ।।
কিন্তু, জীৱনৰ যান্ত্রিকতাত....
তেওঁৰ সতে এপলক জিৰাবলৈ ,
তাই নোৱাৰিলে,,
নোৱাৰিলে তাই
তেওঁৰ উদ্দীপ্ত চকুহালত নিজক মনিবলৈ।।
তাই গুচি আহিল
হিয়াৰ অপূৰ্ণ হেপাহ হিয়াতে লৈ ,
চকুপানী আৰু মনৰ মাজত লৈ থকা
দুখখিনি হৃদয়ত সামৰি ......
তাই ক'ৰবাত এৰি থৈ আহিল
আপোন জনৰ ঠিকনা ।।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ