পত্ৰবন্ধু-শিখামণি গগৈ

Rinku Rajowar
0
তেতিয়া মই স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী । যৌৱনৰ ৰূপালী নদীখনত সাঁতুৰি-নাদুৰি ফুৰাৰ বয়স । বুকুত পৃথিৱী জয় কৰাৰ সাহস । কলিজাৰ ভিতৰত শুই থকা বাসনাবোৰক সাকাৰ ৰূপ দিবলৈ বৰ মন যায় সেই সময়ত । সেয়ে কাগজ কলম লৈ কেতিয়াবা কবিতা , কেতিয়াবা গল্প , কেতিয়াবা ছবি মুঠতে যি মন যায় তাকে লিখিবলৈ বা আঁকিবলৈ যত্ন কৰোঁ । লিখাৰ পিছত লিখনিটো চাই নিজে ভাৱোঁ বৰ সুন্দৰ লিখিছোঁ মই । তাকে ভাৱি বাতৰি কাকতলৈ পঠিয়াই দিওঁ । পঠিওৱাৰ কেইদিন মানৰ পিছৰ পৰা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ বাতৰি কাগজখনত চকু ফুৰাই তৎ নাপাওঁ । নাই ! প্ৰকাশ নহয় হে নহয় ! প্ৰিয় বান্ধৱী কেইজনীৰ আগত লাজ লাগে । অৱশ্যে ময়ো হাৰ মনা ভকতনী নহয় । চেষ্টা চলিয়েই থাকিল । এদিনাখন মোক আচৰিত কৰি এটা প্ৰবন্ধ সাপ্তাহিক জনমভূমিখনত প্ৰকাশ হৈছিল । মোক খবৰটো দিলে বেলেগ এগৰাকী বান্ধৱীয়ে । লগে লগে নাৰিকলগুৰিৰ মন্টু দাৰ দোকানৰ পৰা কাকতখন কিনি আনি বাৰে বাৰে পঢ়িছিলোঁ । আৰু বহুত দিনলৈকে বাতৰিখন লগত লৈ ফুৰিছিলোঁ যাতে মই মোৰ প্ৰিয় মানুহবোৰক সুবিধা পালেই মোৰ লেখাটো দেখুৱাব পাৰোঁ । প্ৰবন্ধটো আছিল নাৰীৰ সাজ-পোছাকৰ ওপৰত । বাতৰি কাকতখনত মোৰ ঠিকনাটোও দিয়া আছিল ।সেয়ে বহুতে মোৰ লিখনিটো সমৰ্থন কৰি মোলৈ চিঠি দিছিল । এখন চিঠিয়ে মোক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল।ময়ো উত্তৰ দিলো।অাকৌ তেওঁ দিলে । তেনেকৈয়ে এজন হৈ পৰিছিল মোৰ "পত্ৰবন্ধু"।তেওঁৰ নাম আছিল সৌৰভ কিশোৰ ৰায় ।
         সেই সময়ত মোবাইল ফোন নাছিল । চিঠিৰে মনৰ খবৰবোৰ আদান -প্ৰদান কৰা হৈছিল । চিঠিখনৰ বাবে বাট চাই থাকোঁ । পিয়নক কৈ থওঁ মোৰ চিঠিবোৰ অহাৰ লগে লগে দিবলৈ । কিমান যে তেওঁক ভালৰি লগাওঁ !মাহেকত এখন বা দুখনকৈ চিঠি আহিছিল কলেজৰ ঠিকনাত । সাহিত্যতো চিঠিৰ এক সুকীয়া অৱদান আছে । কোনো গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছিল আমাৰ চিঠিবোৰত । বজালী মহাবিদ্যালয়ত উদ্ভিদ বিদ্যাক মুখ্য বিষয় হিচাবে লৈ পঢ়ি থকা সৌৰভ প্ৰকৃততেই আছিল বৰ ভদ্ৰ ল'ৰা তেওঁৰ চিঠিবোৰত সদায় কম আৰু দৰকাৰী কথা লিখা আছিল । কেতিয়াবা অৱশ্যে হাস্য ৰসৰো সৃষ্টি কৰিব পাৰিছিল । এই চিঠিবোৰ মোৰ প্ৰিয় বান্ধৱী ৰীতা , তৃপ্তি আৰু মই তিনিওজনীয়ে পঢ়িছিলো। অফ্ পিৰিয়ডত মহাবিদ্যালয়ৰ পূৱ দিশে থকা ষ্টেডিয়ামত বহি মই ডাঙৰকৈ পঢ়ি দিওঁ সিহঁতে শুনে ।তিনিওজনীয়ে সমানে আনন্দ পাওঁ ।লাহে লাহে সৌৰভ মোৰ  ঘনিষ্ঠ হৈ পৰিল । তিনিবছৰ মানৰ পিছত সি মোলৈ এখন গ্ৰুপ ফটো পঠিয়ালে - মই গ্ৰুপৰ পৰা বিচাৰি উলিয়াব লাগে সৌৰভক । প্ৰায় পঁচিশজন ছাত্ৰৰ পৰা কেনেকৈ তাক বিচাৰিব পাৰোঁ ? অৱশ্যে পিছৰ চিঠিত সি নিজেই মোক চিনাকি দিলে ।  মিঠা হাঁহিৰে উজ্বল হৈ থকা ,নিয়মীয়া ওখ , পাতল সেউজীয়া জেকেট পৰিহিত এজন সুন্দৰ যুৱক । মোকো একপি ফটো বিচাৰিছিল কিন্তু মই নিদিলোঁ । 
তাৰ পিছত সৌৰভে এদিন মোক লগ পাবলৈ বিচাৰিলে । ময়ো কথা দিলো গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িবলৈ মই যাম।  তাতে নিশ্চয়কৈ লগ পাম । সৌৰভে তেতিয়া যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল । এডমিচনৰ নটিছ ব'ৰ্ডত মোৰ নামটো দেখি সি ডিপাৰ্টমেণ্টত গৈ প্ৰায়েই মোক বিচাৰিছিল ।আৰ্থিক অসুবিধাৰ বাবে মোৰ যোৱা দেৰি হৈছিল । এদিন অফ পিৰিয়ডত গৈ সৌৰভে যেতিয়া মোৰ লগৰ ছোৱালীক সুধিছিল তেতিয়া তাই মোক চিঞৰি মাতিছিল আৰু মই সৌৰভৰ সন্মুখত আহি উপস্থিত হৈছিলোঁ । কম কথা কোৱা সৌৰভে মোক বাৰান্দালৈ মাতি আনিছিল আৰু দুই এটা কথা পাতিছিল । অলপ পিছত আকৌ ক্লাছ আৰম্ভ হৈছিল বাবে মই গুচি গৈছিলো । সৌৰভৰ দুচকুত দেখিছিলো  এক বুজাব নোৱাৰা ভাষা । তাৰ পিছতো মাজে- সময়ে সি মোক লগ ধৰিছিল তেনেকৈ দুই বা তিনিমিনিটৰ বাবে । কেতিয়াবা কেণ্টিনলৈ চাহ খাবলৈ লগ ধৰিছিল । মোৰ সাহস নাছিল বিশ্ববিদ্যালয়ৰ কেণ্টিনত ল'ৰাৰ লগত গৈ চাহ খোৱাৰ। তাৰপিছত সৌৰভ গুচি গৈছিল বাহিৰলৈ । নতুন বছৰত মোলৈ এখন গ্ৰীটিংছ্ কাৰ্ড পঠাইছিল । মইহে পঠিয়াব নোৱাৰিলোঁ কিবা কাৰণত। সেইখনেই আছিল সৌৰভৰ বাতৰি অনা শেষ চিঠি । তেতিয়াৰ পৰা এতিয়ালৈকে মই তাৰ পৰা একো খবৰ নাপালো । সৌৰভ ক'ত হেৰাই গ'ল নাজানো । মনে বিচাৰে আকৌ এবাৰ তাক লগ পাবলৈ । চিঠিয়ে গঢ়ি তোলা সম্পৰ্ক বোৰ বৰ নিবিড় ! 

✍🏻শিখামণি গগৈ 
বোকাখাত ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)