চিপকো আন্দোলন-ৰুবিস্মীতা সান্দিল

Rinku Rajowar
0
চিপকো আন্দোলন হৈছে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তোলা এক আন্দোলন । এই আন্দোলন আৰম্ভ হৈছিল উত্তৰ প্ৰদেশৰ চামলি জিলাৰ ৰেনি গাঁৱত । এই আন্দোলনৰ সবল নেতৃত্ব প্ৰদান কৰিছিল সুন্দৰ লাল বহুগুণাই । এই আন্দোলনত বিশেষকৈ মহিলা সকলে অংশগ্ৰহণ কৰিছিল। উত্তৰ প্ৰদেশৰ চামলি জিলাৰ ৰেনি গাঁৱৰ লোকসকলে গছ-গছনিৰ পৰাই জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকে ইয়াৰ পৰাই জীৱন নিৰ্বাহৰ পথ মোকলাইছিল। কিন্তু উত্তৰ প্ৰদেশৰ বৰ্তমান উত্তৰাখণ্ডৰ বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চলসমূহ ধ্বংসৰ বাবে চলোৱা চক্ৰান্তক ৰোধ কৰিবলৈ এক আন্দোলন গঢ়ি তুলিছিল। উত্তৰাখণ্ডৰ লোকসকলে বনাঞ্চলসমূহৰ পৰাই জীৱিকাৰ বিভিন্ন উৎস আহৰণ কৰিছিল। কিন্তু ৰাজ্য চৰকাৰে জনসাধাৰণৰ এই পৰাম্পৰাগত অধিকাৰ খৰ্ব কৰি সেই বনাঞ্চলক ব্যৱসায়িক কামত ব্যৱহাৰৰ বাবে ক্ৰীড়া প্ৰতিষ্ঠানক দিয়াৰ সিদ্ধান্ত লৈছিল। তাৰ বিৰুদ্ধে এই আন্দোলনৰ সূচনা হৈছিল।এই আন্দোলনৰ মূল দিশটো আছিল মহিলাসকলে দিয়া সবল নেতৃত্ব। মহিলা সকলে গঢ়ি তোলা এই আন্দোলনে চৰকাৰৰ বন নীতি সলনি কৰিবলৈ সক্ষম হৈছিল।চৰকাৰে হিমালয় অঞ্চলত ১৫ বছৰৰ বাবে গছ কটা নিষিদ্ধ কৰিছিল।এই আন্দোলনক গছ সাবটি ধৰা আন্দোলন বা পৰিৱেশ নাৰীবাদী আন্দোলন বুলিও কোৱা হয় ।

✍🏻ৰুবিস্মীতা সান্দিল
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)