আশাবোৰ মৰহি শুকাই গৈছে,বুজানে...!
তোমাৰ মৰমবোৰ সাঁচি ৰাখিছোঁ..
হৃদয়ৰ কোনোবা এক কোণত,
ভালপোৱাবোৰো সযতনে থৈছোঁ...
অন্তৰৰ এক গোপন চুকত।
দিন বাগৰিছে...
সময়ো সলনি হৈছে।
তোমাৰ মৰমবোৰে যেন
মোৰ লগ নেৰাই হৈছে।
আগবাঢ়ি আহি সানি থৈ যায়...
আলফুলীয়া পলাশৰ ৰং,
বতাহে আহি কাণে কাণে চুমি যায়..
কয়হি-- 'শান্ত কৰাছোন তোমাৰ খং' ।
ভালপোৱাবোৰ জানা বেছিহে হৈছে..;
অনুভূতিবোৰেও বেছিকৈহে আমনি কৰিছে।
মোৰ হিয়াত
এপাহি ৰক্ত গোলাপ হৈ
ফুলি ৰʼলা তুমি।
এবাৰ আহানে কাষলে...
লোৱাহিচোন
মোৰ সঁচা মৰমবোৰ তুলি।
ইমান কিয় নিৰ্বিকাৰ তুমি..?
কিয় তুমি ইমান অভিমানী..?
এবাৰ পোৱাৰ সুৰুযৰ
ৰঙীন আভা হৈ...
কিৰণ বোলাই যোৱা মোক..;
তোমাৰ হৃদয়ৰ গোপন কোঠাত..
এবাৰলৈ আলফুলে থৈ দিয়া মোক।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ