মোৰ সফলতা কিমান-হীৰকজ্যোতি তালুকদাৰ

0
   আজি মোৰ বন্ধু বহু, 
আজি মোৰ শত্রু বহু, 
   আজি মোৰ টকা বহু, 
আজি মোৰ ভয় বহু, 
   জীৱনত ভাল যিমান সিমান বেয়া? 
মৰণত কিমান নিম কিমান ৰাখিম? 
    বৃদ্ধ হোৱাৰ সময়ত কিমান সুখত থাকিম? 
মৃত্যুৰ সময়ত কোনে ভাল বুলি কান্দিব? 
      কিমানে বাৰু হাঁহিব? 
শৱ টো জ্বলাবলৈ  কিমানে শ্মশানলৈ যাব? 
      মই একো নাজানিম সেইদিনা, 
জীয়াই থকাবোৰে জানিব , 
      সেইদিনা মানুহে বুজিব মোৰ সফলতা কিমান? 
       আজিটো সৃষ্টি, কালি ধবংসও হ'ব পাৰো, 
মৃত্যু ৰ দিনা পৰিচয় ভাল লাগে, 
       তাৰে প্ৰচেষ্টাৰে আছো জীয়াই।

হীৰকজ্যোতি তালুকদাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)