মোৰ অসম-পল্লৱ ৰায়

©Admin
0
ভাৰতী আইৰ পূৱে জিলিকা
মোৰ দেশ সোণৰ অসম, 
সূর্যোদয়ৰ দেশ মোৰ অসম, 
এটি কলি- দুটি পাতৰ দেশ 
মোৰ এই সেউজী অসম। 

অসমীয়া আআহা... 
কিযে নিৰলা ভাষা ইয়াৰ, 
ভাষাৰ মাতত মৌ বৰষে
কথাৰ ভাজত শিলো পমে, 
এয়ে মোৰ সুৱদী অসম। 

শদিয়া- ধুবুৰী কৰি একাকাৰ
বয় একতাৰ মহা ঐকতান, 
কি হিন্দু, কি মুছলমান
একেডাল ডোলেৰে বান্ধ খাই
গাইছে মানৱতাৰ জয়গান। 

মহাবাহুৰ দুপাৰৰ শ্যামল বুকুত
আজিও জিলিকিছে পুৰণি ইতিহাস, 
বলিয়া লুইতে সময়ে সময়ে
অসমীক কৰে কৰাল গ্ৰাস। 
নীলিম লুইতেই বোৱাই আনে
পাহাৰৰ পৰা ভৈয়ামলৈ 
সভ্যতা- সংস্কৃতিৰ একতাৰ জৰীডাল।
 
কি উজনি, কি নামনি 
নহয় যে ভিন্ন একেই অসমী 
মুক্ত মনেৰে উৰে বতাহত
স্বাধীন অসমৰ পতাকা খনি। 
কৃষ্টি  সংস্কৃতিৰ মহা মিলন ভূমি
মোৰ এই মাতৃভূমি। 

হৰিনামৰ সুৰেৰে বেলি উলাই
ডবাৰ কোৱত সন্ধ্যা হয়।
এয়ে মোৰ সোণৰ অসম। 
অসমৰ কাশীপুৰী দ্বাৰকা মথুৰা পুৰী
বৰদোৱা- বৰপেটা ধাম
লুইতৰ মাজতে নদী - দ্বীপ মাজুলী
অসমীয়া সংস্কৃতিৰ পূণ্য স্হান।

অসীম অপাৰ সৌন্দর্য্যৰ ভূমি
অজস্ৰ সম্পদৰ ৰত্নগৰ্ভা খনি
মোৰ দেশ প্ৰকৃতিৰ লীলাভূমি। 
ইয়াৰ আকৰ্ষিত ৰূপেই 
দুহাত মেলি মাতিছিল
বিদেশী মান-মোগলক
চলিছিল লুন্ঠন ৰাজ । 

পলসুৱা অসমত ভৰ বাৰিষাত
সোণসেৰীয়া শস্য ফলে 
নদীয়ে গীত ৰচে
মাছ- কাছই নৃত্য কৰে 
ডাৱৰে বজাই ঢোল। 
এয়ে মোৰ অসম দেশ।
এয়ে মোৰ সোণৰ অসম।। 

          ✍🏻পল্লৱ ৰায়
            গহপুৰ (বিশ্বনাথ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)